জুৰীয়া অাৰক্ষীৰ জালত পিষ্টলসহ কেইবাটাও হত্যাকাণ্ডত জড়িত ছফিকুল ইছলাম

arrest-2-570x320

প্ৰতিনিধিত্বমূলক ফটো

অৱশেষত নগাঁও জিলাৰ জুৰীয়া অাৰক্ষীয়ে মষ্ট ৱাণ্টেড অপৰাধী তথা নগাঁও আৰক্ষীৰ নিদ্ৰা হৰণ কৰা কুখ্যাত অপৰাধী ছফিকুল ইছলামক শনিবাৰে অৰ্থাৎ ৬ অক্টোবৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে নগাঁও আৰক্ষীৰ নিদ্ৰা হৰণ কৰা কুখ্যাত অপৰাধী ছফিকুলে এখন পলাছাৰ মটৰচাইকেলেৰে জুৰীয়া বজাৰলৈ আহি থকা অৱস্থাত গোপন খবৰৰ ভিত্তি অভিযান চলাই আৰক্ষীয়ে ছফিকুলক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কুখ্যাত অপৰাধী ছফিকুলৰ পৰা আৰক্ষীয়ে বিদেশত নিৰ্মিত পিষ্টল, দুটা সজীৱ গুলী, এটা মেগজিন আৰু দুটাকৈ মোবাইল জব্দ কৰে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে এই আটকাধীন কুখ্যাত অপৰাধী তথা মষ্ট ৱাণ্টেড ছফিকুলৰ ঘৰ নগাঁৱৰ চকিটুপত।

তাৰোপৰি নগাওঁ জিলাৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা গাড়ী চুৰি চক্ৰৰ মূল নায়ক ছফিকুল অঞ্চলটোৰ বহুকেইটা ডকাইতি অাৰু হত্যাকাণ্ডৰ লগতো জড়িত আছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।