NORTHEAST NOW (Assamese)

বীৰ লাচিত সেনাৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ নাহৰকটীয়া ব্যৱসায়ীৰ

November 17, 2024 8:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 18, 2024 7:10 pm

ডিব্ৰুগড়ৰ নাহৰকটীয়া চেম্বাৰ অৱ কমাৰ্চে বীৰ লাচিত সেনাৰ বিৰুদ্ধে বলপূৰ্বক ধন সংগ্ৰহ, ধন দাবী আৰু ব্যৱসায়ত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে।

সংগঠনটোৱে দাবী কৰে যে বীৰ লাচিত সেনাই নাহৰকটীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিভিন্ন উপলক্ষে বৃহৎ পৰিমাণৰ ধন দাবী কৰি আহিছিল।

দেওবাৰে জিলা প্ৰশাসনক সাক্ষাৎ কৰি সংগঠনটোৱে দাবী কৰে যে বীৰ লাচিত সেনাৰ সদস্যসকলে তেওঁলোকৰ নিয়মীয়া ব্যৱসায়িক কাম-কাজত বাধাৰ সৃষ্টি কৰে।

তেওঁলোকে অভিযোগ কৰে যে বীৰ লাচিত সেনাৰ একাংশ সদস্যই দাবী কৰা ধন পৰিশোধ কৰিব নোৱাৰিলে তেওঁলোকৰ ব্যৱসায় বীৰ লাচিত সেনাক গতাই দিবলৈও দাবী জনাইছিল।

তেওঁ দাবী কৰে যে বীৰ লাচিত সেনাই চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা ৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকা দাবী কৰিছিল।

Related News