• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 7:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ধুবুৰী জিলাত এক ডাঙৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ৩ আগষ্ট তাৰিখে জিলাখনৰ ১৫০ গৰাকীৰো অধিক অধিবক্তা আৰু সচেতন নাগৰিকে জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। এই স্মাৰকপত্ৰত তেওঁলোকে বিবাহ বিষয়া তথা জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি, হাৰাশাস্তি আৰু প্ৰশাসনিক বেমেজালি হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে। এই সমগ্ৰ বিষয়টোত তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে।

অভিযোগনামাত জ্যেষ্ঠ উপ-পঞ্জীয়ক প্ৰিয়ংকা তালুকদাৰৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা হৈছে। অভিযোগ অনুসৰি, কাৰ্যালয়টোলৈ বিবাহ পঞ্জীয়ন, সম্পত্তিৰ পঞ্জীয়ন আৰু পাৱাৰ অৱ এটৰ্নী আদি কামৰ বাবে যোৱা লোকসকলক ব্যাপক হাৰাশাস্তি কৰা হয় আৰু তেওঁলোকৰ পৰা নিয়মীয়াকৈ ঘোচ বিচৰা হয়। কাৰ্যালয়টোত থকা এজন মহৰীৰ জৰিয়তে এখন অঘোষিত নিৰিখ তালিকা চলাই থকা হৈছে বুলি অভিযোগ কৰা হৈছে। প্ৰতিখন বিবাহ পঞ্জীয়নৰ বাবে ১,০০০ টকা আৰু মাটি কিনা-বেচা, উপহাৰ বা বন্ধকী আদিৰ পঞ্জীয়নৰ বাবে মাটিৰ প্ৰকৃতি আৰু মূল্য অনুসৰি ৫,০০০ ৰ পৰা ২০,০০০ টকা পৰ্যন্ত অবৈধভাৱে দাবী কৰা হয় বুলি স্মাৰকপত্ৰত প্ৰকাশ পাইছে।

Apply Now

অধিবক্তা জামছেৰ তালুকদাৰে অভিযোগ কৰে যে যিসকল লোকে এই অবৈধ ধন দিবলৈ অস্বীকাৰ কৰে বা দিবলৈ অসমৰ্থ হয়, তেওঁলোকৰ কামবোৰ অকাৰণতে পলম কৰা হয়। তেওঁলোকক অফিচৰ নতুন নতুন নিয়ম আৰু খেলিমেলি কথা দেখুৱাই পঞ্জীয়ন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰা হয়। ইয়াৰ উপৰিও অধিবক্তা আৰু সাধাৰণ ৰাইজৰ লগত কাৰ্যালয়টোত বিনা কাৰণতে অতি বেয়া আৰু অপমানজনক ব্যৱহাৰ কৰা হয় বুলিও অভিযোগ উত্থাপন হৈছে।

এই ঘটনাক চৰকাৰী কাৰ্যালয়ৰ অপব্যৱহাৰ আৰু স্বচ্ছতাৰ উলংঘন বুলি অভিহিত কৰি অধিবক্তাসকলে মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তক এক নিৰপেক্ষ আৰু সময়সীমা নিৰ্ধাৰিত তদন্তৰ দাবী জনাইছে। লগতে দোষী সাব্যস্ত হোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ বিভাগীয় আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ এক আনুষ্ঠানিক তদন্ত কৰা হ’ব বুলি প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

August 3, 2026 7:14 pm
ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

August 3, 2026 7:12 pm
নিট প্ৰতিবাদকাৰীলৈ সকাহ: ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰত সেউজ সংকেত উচ্চতম ন্যায়ালয়ৰ

নিট প্ৰতিবাদকাৰীলৈ সকাহ: ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰত সেউজ সংকেত উচ্চতম ন্যায়ালয়ৰ

August 3, 2026 6:24 pm
অসমত ই-২০ ইন্ধন নীতিৰ বিৰুদ্ধে ৪ আগষ্টত “দিছপুৰ চলোঁ” অভিযানৰ আহ্বান অসম মজুৰি শ্ৰমিক সংঘৰ

অসমত ই-২০ ইন্ধন নীতিৰ বিৰুদ্ধে ৪ আগষ্টত “দিছপুৰ চলোঁ” অভিযানৰ আহ্বান অসম মজুৰি শ্ৰমিক সংঘৰ

August 3, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

August 3, 2026 7:14 pm
ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

August 3, 2026 7:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd