মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকলৈ হোৱাটছ এপত ষ্টেটাছ দি গ্ৰেপ্তাৰ নলবাৰীৰ যুৱতী

nalbari

বহু চৰ্চিত গো-বিধেয়কক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হোৱাটছ এপত ষ্টেটাছ দি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল নলবাৰীৰ এগৰাকী যুৱতী।

নলবাৰী আৰক্ষীয়ে কমাৰকুছি অঞ্চলত থকা বাসভৱনৰ পৰাই পাকিজা বেগম নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যুৱতীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গো মাংস ভক্ষণৰ আহ্বান জনাই হোৱাটছ এপ ষ্টেটাছ দিছিল।

যুৱতীগৰাকীৰ হোৱাটছ এপ ষ্টেটাছটো ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য শেহতীয়াকৈ অসম বিধানসভাত উত্থাপন কৰা অসম গো সুৰক্ষা বিধেয়ক, ২০২১কলৈ বিভিন্ন মহলত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে।