ভোটগণনাক কেন্দ্ৰ কৰি নলবাৰীত ১৪৪ ধাৰা জাৰি

Vote counting center of Nalbari

নলবাৰীৰ উপায়ুক্তৰ ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন

বৃহস্পতি বাৰে হ’বলগা লোকসভা নিৰ্বাচনৰ ভোটগণনাক কেন্দ্ৰ কৰি ভোটগণনা হোৱা কেন্দ্ৰৰ কাষৰ অঞ্চলসমূহত যাতে কোনোকাৰণতে শান্তি শৃংখলা ভংগ হ’ব নোৱাৰে তাৰবাবে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীয়ে ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

১৪৪ ধাৰা অনুসৰি নলবাৰী জিলাৰ ভোটগণনা হ’ব লগা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বিজয় উৎসৱ যেনে-ফটকা ফুটোৱা, অস্থায়ী ব্যৱসায়িক দোকান স্থাপন, আদিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটগণনা নলবাৰী গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰা হ’ব। ভোট গণনা কেন্দ্ৰটোত মঙলদৈ, গুৱাহটী আৰু বৰপেটা লোকসভা সমষ্টিৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটগণনা কৰা হ’ব।

জিলাখনৰ উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীয়ে নলবাৰী আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বাবে এটাকৈ কাউণ্টিং হ’ল আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাবে দুটা কাউণ্টিং হ’ল থাকিব বুলি উল্লেখ কৰে।

বৃহস্পতিবাৰে ৰাতিপুৱা ৮ বজাৰ পৰা মুঠ দুশ গণনাকাৰীয়ে কেন্দ্ৰটোত ভোটগণনা আৰম্ভ কৰিব। আনহাতে ভোটগণনা কেন্দ্ৰত ম’বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।