NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ আতংক! এজন ৰাষ্ট্ৰপ্ৰধানে দেশবাসীক ক’লে ‘হেণ্ডচেক বাদ দিয়ক নমস্কাৰ দিয়ক’

March 5, 2020 9:05 am · এন ই নাও নিউজ
Updated: March 5, 2020 12:04 pm
নমস্কাৰ দি থকা অৱস্থাত প্ৰধানমন্ত্ৰী বেঞ্জামিন, ফ'টো সৌজন্য- ইন্টাৰনেট

ক’ৰ’না ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্ব জুৰি ক্ৰমশঃ প্ৰসাৰিত হোৱাৰ সময়তে এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ প্ৰধানে নিজৰ দেশবাসীলৈ আগবঢ়াইছে এক বিশেষ পৰামৰ্শ।

হেণ্ডচেক বাদ দি নমস্কাৰ দিবলৈ পৰামৰ্শ আগবঢ়োৱা এই ৰাষ্ট্ৰ প্ৰধান গৰাকী হ’ল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু।

এখন সংবাদমেলত প্ৰধানমন্ত্ৰী বেঞ্জামিনে মাৰাত্মক ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশবাসীলৈ বিভিন্ন বিধান আগবঢ়ায়। প্ৰধানমন্ত্ৰী গৰাকীয়ে হেণ্ডেচকৰ সলনি ভাৰতীয় পৰম্পৰাগত নমস্কাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে দেশবাসীক। হেণ্ডচেকৰ দ্বাৰা ক’ৰ’না ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে, কিন্তু নমস্কাৰ প্ৰদান কৰিলে এই সংশয়ৰ পৰা আঁতৰি থাকিব পাৰি। প্ৰধানমন্ত্ৰী  বেঞ্জামিনে কয়।

মধ্য পাচ্য দেশ ইজৰাইলত এতিয়ালৈকে ১৫ গৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে আৰু প্ৰায় ৭০০০ লোকক এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ নিৰাপদ স্থানত ৰখা হৈছে।

উল্লেখ্য যে বিশ্ব জুৰি ইতিমধ্যে প্ৰায় ৩০০০ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে। এই পৰ্যন্ত প্ৰায় ৯০,০০০ লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

Related News