কোন হ’ব সোণাৰীত উপ নিৰ্বাচনৰ প্ৰাৰ্থী? : চৰ্চিত প্ৰবীণ বিজেপি নেতা অনুপ ৰাজপুৰোহিতৰ নাম

IMG-20190618-WA0000

প্ৰবীম বিজেপি নেতা অনুপ ৰাজপুৰোহিত। ফটো : নৰ্থইষ্ট নাও

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে বিজয়ী হোৱাপ পিছত খালী হোৱা সোণাৰী বিধান সভাৰ আসনখনক লৈ বহু প্ৰাৰ্থীৰ মাজত জল্পনা কল্পনা আৰম্ভ হৈছে।

সোণাৰী বিধানসভা সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে ডঃ বিনিতা শইকীয়া গগৈ, ড০ দয়ানন্দ বৰগোহাঁই, ছাত্ৰ নেতা মাণিক গগৈৰ নাম উচ্ছাৰিত হৈছে যদিও প্ৰবীণ বিজেপি নেতা অনুপ ৰাজপুৰোহিতৰ নাম সমষ্টিটোত বিশেষভাৱে চৰ্চিত হৈছে।

উল্লেখ্য যে, ১৯৯২ চনত বিজেপিত যোগদান কৰা অনুপ ৰাজপুৰোহিতে ২০০৭ চনৰ পৰা এতিয়ালৈকে ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুয়োখন কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে।

তদুপৰি, ৰাজপুৰোহিতে বিজেপি শিৱসাগৰ জিলাৰ উপ-সভাপতি, সোণাৰী বিধান সভা সমষ্টিৰ কোষাধ্যক্ষ, শিৱসাগৰ জিলা বিজেপিৰ কোষাধ্যক্ষ, সোণাৰী পৌৰসভাৰ ৱাৰ্ড সদস্য, বিজেপি চাহ কোষৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আদিকে ধৰি বহুকেইটা দায়িত্ব লৈ প্ৰায় তিনিটা দশক দলটোক নেতৃত্ব দি আহিছে।

যি সময়ত ৰাজ্যত চাৰিওফালে কংগ্ৰেছে প্ৰভূত্ব বিস্তাৰ কৰি আছিল সেই সময়ত ৰাজপুৰোহিতে সোণাৰীত এককভাৱে বিজেপিৰ পতাকা উৰুৱাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি ৰাখিছিল। ২০১১ চনত সোণাৰী বিধান সভা সমষ্টিৰ পৰা ৰাজপুৰোহিতে প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছৰ শৰৎ বৰকাকটীৰ হাতত পৰাজিত হৈছিল।

আনহাতে, সোণাৰীৰ উপ- নিৰ্বাচনত দলটোৰ হৈ ৰাজপুৰোহিতক দলীয় টিকট প্ৰদান কৰিবলৈ সমষ্টিটোৰ জ্যেষ্ঠ বিজেপি কৰ্মী সকলে দাবী জনাইছে। অৱশ্যে, দলটোৱে কাক দলীয় টিকট প্ৰদান কৰিব সেয়া দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰতে নিৰ্ভৰ কৰিব।