NORTHEAST NOW (Assamese)

গোলাঘাট জিলা কংগ্ৰেছৰ টিকট আৱেদনকাৰীৰ নাম ঘোষণা

February 12, 2021 2:00 pm · মীনাক্ষী ফুকন
Updated: February 12, 2021 2:03 pm

আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ বাবে আজি গোলাঘাট জিলাৰ ৫ টা সমষ্টিৰ কংগ্ৰেছৰ টিকট আবেদনকাৰী সকলৰ নাম ঘোষণা হৈছে ।

গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছৰ জিলা সভাপতি দাদু তায়েই ঘোষণা কৰে আবেদনকাৰী সকলৰ নাম ।

টিকটৰ বাবে আবেদন কৰা নাম সমূহ হ’ল ৯৫ নং গোলাঘাট সমষ্টিৰ সাগৰিকা বৰা, দেৱব্ৰত ফুকন ,দীপেন বৰা, ব্ৰজেন কুমাৰ তালুকদাৰ, ভূপেন ৰাজখোৱা, সুশান্ত বৰা, অনিল বৰা,জিতেন বৰুৱা,মদন বৰা,প্ৰণৱ গগৈ, গোলাপ শইকীয়া, দীপাংকৰ বৰা ।

৯৬ নং খুমটাই সমষ্টিৰ বিস্মিতা গগৈ । ৯৪ নং সৰুপথাৰ সমষ্টি ৰ’জলিনা তিৰ্কী,পল্লব জ্যোতি চেতিয়া, ডঃ অভিষেক তিৰ্কী , বালিকা লাহন পেগু, ৰত্ন গগৈ, ব্ৰজেন কুমাৰ সন্দিকৈ, নিলাকৰ তাছা।

৯৩ নং বোকাখাত সমষ্টিৰ দাদু তায়ে , হৰি প্ৰসাদ শইকীয়া ,পৰাগ শইকীয়া ,তপন কৰ্মকাৰ , মিনতি দলে, জিতেন শইকীয়া । ৯৭ নং দেৰগাঁৱৰ কৃষ্ণকান্ত দাস, ডঃ ৰামানন্দ দাস , বাণী হাজৰিকা, ৰঞ্জিত বৰা , মণি ৰুপা দাস, কুকিল চন্দ্ৰ দাস, প্ৰভাত কুমাৰ দাস।

Related News