NORTHEAST NOW (Assamese)

কেব সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণ নমোৰ

April 16, 2019 10:03 pm · এন ই নাও নিউজ
নৰেন্দ্ৰ মোদী। উৎস-ইণ্টাৰনেট

নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ক লৈ চলিত বিতৰ্কৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক বিষয়টো সন্দৰ্ভত ভুৱা প্ৰচাৰ বিয়পোৱাৰ অভিযোগত অভিযুক্ত কৰিছে।

“উত্তৰ-পূৰ্বাঞ্চলত আমাৰ ভাইসকল আৰু ভনীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সাৰমৰ্ম বুজি পাইছে। এইটো এটা অপপ্ৰচাৰ যিটো কংগ্ৰেছে বিয়পাইছে কিন্তু ই বিফল হ’ব। মই আচৰিত হৈছো যে তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে কথা ক’বলৈ স্পৰ্ধা কৰিছে। তেওঁলোকে সমগ্ৰ পূব ভাৰতৰ প্ৰতি বিশেষকৈ উত্তৰ-পূবক বৈষম্য কৰিছিল।” এটা মিডিয়া হাউচৰ সৈতে সাক্ষাৎকাৰত প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

মোদীৰ বক্তব্য তাৎপৰ্য্যপূৰ্ণ কাৰণ বিজেপিয়ে ইয়াৰ ইস্তাহাৰত কৈছিল যে দলটোৱে ‘পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ পিছত’ বিতৰ্কিত বিধেয়কখন সংসদত পাৰণ কৰিবলৈ চেষ্টা কৰিব।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইতিমধ্যে বিষয়টো চৰ্চাৰ কেন্দ্ৰস্থল হৈ পৰিছে।

উত্তৰ-পূব সম্পৰ্কীয় আন কিছুমান বিষয়টো মোদীয়ে কংগ্ৰেছক সমালোচনা কৰে।

“…স্বাধীনতাৰ ৭০ বছৰ পিছতো উত্তৰ-পূবৰ হাজাৰ হাজাৰ গাওঁ অন্ধকাৰত থাকিব লগা হৈছিল। আমি যোৱা ৫ বছৰত সেই সকলো গাওঁ বৈদ্যুতিকীকৰণ কৰিলো। বগীবিল আৰু ধলা-শদিয়া দলং নোহোৱাৰ ফলত হোৱা বাণিজ্যিক আৰু বিকাশজনিত স্থৱিৰতা আপুনি উপলব্ধি নকৰেনে? আমি সেয়া সম্পূৰ্ণ কৰিলো,” মোদীয়ে কয়।

Related News