নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ কোন দিশে ? শাস্তি হ’বনে নন্দিতাৰ হত্যাকাৰীৰ?

400 Paged Chargesheet Filed In Nandita Saikia Murder Case

নন্দিতা শইকীয়া নামৰ লখিমপুৰৰ ঢকুৱাখানৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী গৰাকীৰ এজন ঘাতকৰ নৃশংস আক্ৰমণৰ বলি হৈ আমাৰ মাজৰ পৰা আঁতৰি যোৱা এটা মাহ অতিক্ৰম কৰি গ’ল।

ধেমাজি চহৰৰ মাজ মজিয়াতে ছাত্ৰীগৰাকীক দাৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মা নামৰ এক ঘাটকে।

ঘাটক ৰিণ্টুৰ উপযুৰ্পৰি দাৰ আক্ৰমণত জীৱন-মৃত্যুৰে যুঁজি আজিৰ পৰা এমাহৰ পূৰ্বে ডিব্ৰগড়ৰ চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰাণ হেৰুওৱাইছিল মেধাৱী ছাত্ৰীগৰাকীয়ে।

এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছিল। ৰাজ্যৰ চৌদিশে সমস্বৰে উচ্চাৰিত হৈছিল ঘাতক ৰিণ্টু শৰ্মাৰ কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী। ফাঁচিৰ দাবী।

ধেমাজি আৰক্ষীয়ে ৰাজ্যবাসীৰ লগতে নন্দিতাৰ দুৰ্ভগীয়া পৰিয়ালটোক ঘাতক ৰিণ্টু শৰ্মাক কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ আশ্বাস দিছিল।

সমগ্ৰ ৰাজ্যজুৰি সমস্বৰেৰে ঘাতক ৰিণ্টু শৰ্মাৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন হোৱাত ফাষ্টট্ৰেক আদালতত গোচৰটো বিচাৰ হ’ব বুলি ৰাজ্যবাসীও আশ্বস্ত হৈছিল। ভবা হৈছিল ফাষ্টট্ৰেক ক’ৰ্টত বিচাৰ চলিব, নন্দিতাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে অতি কম দিনৰ ভিতৰতে ন্যায় পাব।

কিন্তু ৰাজ্যবাসীয়ে আশা কৰাৰ দৰে আগবাঢ়িছে নে নন্দিতা হত্যাকাণ্ড গোচৰটো? কি পৰ্যায়ত আছে নন্দিতাৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ গোচৰটো?

ধেমাজি আৰক্ষীয়ে ধেমাজি সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/ ৩২৬/ ৩০৭ আৰু সংযুক্ত ধাৰা ৩০৭ত গোচৰ নং- ৩৯৭/২০২১ গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

কিন্তু প্ৰাপ্ত তথ্য মতে আজি এমাহেও আৰক্ষীয়ে আদালত দাখিল কৰিব পৰা নাই ৰাজ্য কঁপাই যোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ চাৰ্জশ্বিট।

উল্লেখ্য যে নন্দিতাৰ মৃত্যুৰ পিছতে লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষাণে এমাহৰ ভিতৰতে তদন্তকাৰী আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিব বুলি ঘোষণা কৰিছিল।

কিন্তু কালি শনিবাৰে এমাহ দিন অতিক্ৰম কৰি যোৱাৰ পিছতো আৰক্ষীয়ে আদালতত চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই।

কিছুদিন পূৰ্বে আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হৈছিল ঘাতক ৰিণ্টু শৰ্মা। আৰক্ষীৰ মতে গুলীবিদ্ধ ঘাতক ৰিণ্টু শৰ্মা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে আদালত হাজিৰ কৰোৱাত সমস্যাৰ সন্মুখীন হৈছে।

সম্ভৱতঃ ইয়াৰ বাবেই তদন্তকাৰী আৰক্ষীয়ে নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আদালতত দাখিল কৰাত পলম হৈছে।

ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নন্দিতা শইকীয়াৰ শোকাহত পিতৃ-মাতৃক নিজ বাসগৃহত সাক্ষাত কৰিবলৈ যোৱাৰ যো-জা চলোৱা বুলিও জানিব পৰা গৈছে।

আনহাতে এমাহ অতিক্ৰম কৰি যোৱাৰ পিছতো আৰক্ষীয়ে নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম নোহোৱাত ঢকুৱাখানাৰ দল-সংগঠনসমূহ অসন্তুষ্ট হৈ উঠিছে। অতি শীঘ্ৰেই বৰ্বৰ হত্যাকাণ্ডটোৰ চাৰ্জশ্বিট দাখিল কৰি ৰিণ্টু শৰ্মাক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে ঢকুৱাখানাৰ স্থানীয় ৰাইজ, দল-সংগঠনসহ সমগ্ৰ অসমৰ ৰাইজে।