NORTHEAST NOW (Assamese)

ভেকচিনৰ বিৰুদ্ধে অপপ্ৰচাৰ: টুইটাৰে নিষিদ্ধ কৰিলে বিশ্ব বিখ্যাত লেখিকা নাওমি ৱল্ফক

June 6, 2021 3:32 pm · এন ই নাও নিউজ

বিশ্ব জুৰি ক’ৰ’নাৰ মহাতংক চলি থকাৰ সময়তে কোভিডৰ বেকচিন আৱিষ্কাৰে কিছি পৰিমাণে হ’লেও আশাৰ সঞ্চাৰ ঘটাইছে।

এনে সময়তে একাংশ লোকে ভেকচিনৰ বিৰুদ্ধে কেতবোৰ অপপ্ৰচাৰো আৰম্ভ কৰা দেখা গৈছে। তেনে লোকৰ সৈতে চামিল হৈছে বিশ্ব বিখ্যাত লেখিকাও।

শেহতীয়াকৈ কোভিড ভেকচিনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ বাবেই টুইটাৰে নিষিদ্ধ কৰিছে বিশ্ব বিখ্যাত লেখিকা নাওমি ৱল্ফক।

লেখিকাগৰাকীয়ে বিগত কিছুদিনৰ পৰা ভেকচিনৰ লগতে লকডাউনৰ বিৰুদ্ধেও টুইটাৰত কেতবোৰ মন্তব্য কৰি আহিছিল। লেখিকাগৰাকীয়ে কৈছিল যে কোভিড ভেকচিন দৰাচলতে এটা ছফটৱেৰহে।

ইয়াক ভেকচিনৰ ৰূপত মানুহৰ দেহত সুমুৱাই দি নানান তথ্য সংগ্ৰহ কৰা হৈছে।

ৱল্ফে লগতে টুইটাৰত লিখিছিল যে ভেকচিন লোৱা লোকসকলৰ প্ৰস্ৰাৱ, থু-খেকাৰ আদি যাতে সাধাৰণ নলা-নৰ্দমাত পৰিবলৈ দিয়া নহয়।

নহ’লে আন ভেকচিন নোলোৱা লোকসকলৰ ওপৰতো ইয়াৰ কুপ্ৰভাৱ পৰিব।

ৱল্ফৰ এনে মন্তব্যৰ পিছতে আজি টুইটাৰে লেখিকাগৰাকীক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এগৰাকী বিশ্ব বিখ্যাত লেখিকাই এনেদৰে ভেকচিনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Related News