NORTHEAST NOW (Assamese)

বিশ্বৰ কনিষ্ঠ টাইকোৱাণ্ডো প্ৰশিক্ষক হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড-সময়ুক্তা নাৰায়ণনৰ

March 19, 2025 3:37 pm · এন ই নাও নিউজ, গুৱাহাটী

মাদুৰাইৰ একএগৰাকী ৭ বছৰীয়া কণমানি সম্যুক্তা নাৰায়ণে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ৭ বছৰ আৰু ২৭০ দিনৰ বয়সত, তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া টাইকোৱাণ্ডো প্ৰশিক্ষক হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত তেওঁৰ কেইবাখনো ফটো পোষ্ট কৰি উল্লেখ কৰা হৈছে, ইতিহাস ৰচনা কৰিলে এগৰাকী ৭ বছৰীয়া কণমানীয়ে।

মাদুৰাইৰ কণমানীগৰাকীয়ে টাইকোৱাণ্ডো প্রশিক্ষণৰ মঞ্চত সফলতা লাভ কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। সম্যুক্তাৰ বাবে এতিয়া মাদুৰাইৰ টাইকোৱাণ্ডো একাডেমী সকলোৰে পৰিচিত হৈ পৰিছে। টাইকোৱাণ্ডো স্প’ৰ্টছ এছ’চিয়েশ্যনে সম্যুক্তাৰ গিনিজ ৰেকৰ্ডে ভাৰত আৰু মাদুৰাইৰ শিশুসকলক অনুপ্ৰেৰণা যুগাইছে বুলি উল্লেখ কৰে।

নেটিজেনসকলৰ মাজত সম্যুক্তাৰ অভূতপূর্ব সফলতাৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। থাপি বিশ্বৰ কনিষ্ঠ টাইকোৱাণ্ডো প্ৰশিক্ষক হিচাপে সম্যক্তাৰ এই অপ্রতিৰোধ্য যাত্ৰা এক প্ৰেৰণা হৈ ৰব।

Related News