NORTHEAST NOW (Assamese)

বলিউদৰ ছুপাৰষ্টাৰ অভিনেতা অৰ্জুন ৰামপলৰ ঘৰত এন চি বিৰ অভিযান

November 9, 2020 4:54 pm · এন ই নাও নিউজ

এই মুহূৰ্তত বলিউদ ইণ্ডাষ্ট্ৰিৰ পৰা আহিছে এটা ডাঙৰ খবৰ। ড্ৰাগছ সম্বন্ধীয় তদন্তৰ বাবে আজি নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰো (এন চি বি)এ ছুপাৰষ্টাৰ অভিনেতা অৰ্জুন ৰামপালৰ ঘৰত অভিযান চলায়।

প্ৰাপ্ত তথ্য মতে, এন চি বিয়ে অৰ্জুন ৰামপালৰ ঘৰত বহু সময় ধৰি অভিযান চলাইছিল।

উল্লেখ্য যে কিছুদিন পূৰ্বে  ড্ৰাগছ কেলেংকাৰিত অৰ্জুন ৰামপালৰ প্ৰেয়সীৰ ভাতৃক এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পিছত তেওঁক জামিনত মুক্তি দিছিল। কিন্তু দেওবাৰে পুনৰ এন চি বিয়ে অৰ্জুন ৰামপালৰ প্ৰেয়সীৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাৰ পিছতে আজি অৰ্জুন ৰামপালৰ ঘৰত অভিযান চলাই তেওঁৰ ড্ৰাইভাৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ পুনৰ এক নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে।

এন চি বিয়ে আজি অৰ্জুন ৰামপালৰ ঘৰত অভিযান চলোৱাৰ পূৰ্বে অৰ্থাৎ দেওবাৰে বলিউদৰ প্ৰসিদ্ধ প্ৰযোজক ফিৰোজ নাদিয়াদৱালাৰ ঘৰতো অভিযান চলাইছিল। তেওঁৰ ঘৰৰ পৰা এন চি বিয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছিল।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এন চি বিয়ে ফিৰোজ নাদিয়াদৱালাৰ পত্নীক গ্ৰেপ্তাৰ কৰিছিল আৰু আজি তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব।

উল্লেখ্য যে বলিউদ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত বলিউদৰ সৈতে ড্ৰাগছৰ সম্পৰ্কৰ ঘটনা পোহৰলৈ আহিছিল।

ড্ৰাগছৰ গোচৰৰ তদন্তত এনচিবিয়ে বিভিন্ন অভিনেতা-অভিনেত্ৰীক গ্ৰেপ্তাৰো কৰিছিল।

Related News