NORTHEAST NOW (Assamese)

নৰেন্দ্ৰ মোডী আৰু যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ

April 8, 2023 11:46 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত শুকুৰবাৰে নয়ডা আৰক্ষীয়ে লক্ষ্ণৌৰ এজন কিশোৰক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি এই ছাত্ৰজনে এটা মিডিয়া হাউছলৈ ইমেইল প্ৰেৰণ কৰিছিল, য’ত মোডী আৰু যোগীক হত্যাৰ ভাবুকি দিয়া হৈছিল।

নয়ডা আৰক্ষী সহকাৰী আয়ুক্ত ৰজনীশ ভাৰ্মাই জনোৱা মতে, শুকুৰবাৰে পুৱা ৰাজধানী লক্ষ্ণৌৰ চিনহাট অঞ্চলৰ পৰা বিহাৰৰ এজন ১৬ বছৰীয়া ছাত্ৰক গ্ৰেপ্তাৰ কৰা হয়। ছাত্ৰজন দ্বাদশ শ্ৰেণীত অধ্যয়নৰত।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, “৫ এপ্ৰিলত ২০ নং ছেক্টৰ থানাত এই বিষয়ত এফআইআৰ ৰুজু কৰা হৈছিল, তাৰ পিছত বিষয়টোৰ তদন্ত কৰা হৈছিল।”

তদন্তৰ ভিত্তিত ইমেইল প্ৰেৰকজনৰ সন্ধান উলিয়াই লক্ষ্ণৌৰ চিনহাট অঞ্চলত ছাত্ৰজনক উদ্ধাৰ কৰা হয়। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীজন হত্যাৰ ভাবুকি দিয়াজন ছাত্ৰজনে অলপতে একাদশ শ্ৰেণীৰ পৰীক্ষাত অৱৰ্ত্তীণ হৈ দ্বাদশ শ্ৰেণীত নাম লগাইছে।

সহকাৰী আৰক্ষী আয়ুক্তগৰাকীয়ে আৰু অৱগত কৰে যে অভিযুক্ত ছাত্ৰজনক শিশু বিচৰালয়ত হাজিৰ কৰা হৈছে আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Related News