ফকীৰৰ পৰা কোটিপতিলৈ, নৰেন্দ্ৰ মোদীৰ অনন্য যাত্ৰা : ৩ কোটিলৈ বৃদ্ধি পালে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ

লোকসভা নিৰ্বাচনৰ বাবে বাৰানসী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে নৰেন্দ্ৰ মোদীয়ে। মনোনয়ন দাখিলৰ লগতে শপতনামাৰ জৰিয়তে নিজৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিছে মোদীয়ে।

শপতনামাৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩.০২ কোটি টকা। চৰকাৰী খৰচত বিলাসী গাড়ী, এৰোপ্লেন আৰু হেলিকপ্তাৰত উঠি ঘূৰি ফুৰিলেও মোডীৰ নিজা গাড়ী নাই। লগতে মোদীৰ নামত নাই কোনো ভূমি।

মোদীৰ অস্থাৱৰ সম্পত্তিৰ ভিতৰত আছে ২.৮৬ কোটি টকা ফিক্সড ডিপ’জিত। লগতে এন এছ চিত বিনিয়োগ তেওঁ বিনিয়োগ কৰিছে ৯.১২ লাখ টকা।

বাৰানসী আৰু গান্ধীনগৰৰ দুটা বেংকত মোদীয়ে ৮০,৩০৪ টকা জমা কৰি ৰাখিছে।

লগতে মোদীৰ আছে ২.৬৮ লাখ টকা মূল্যৰ ৪টা সোণৰ আঙঠি । মোদীৰ হাতত থকা নগদ ধনৰ পৰিমাণ হৈছে ৫২,৯২০ টকা।

উল্লেখ্য যে ২০১৮-১৯ চনত মোদীৰ কৰযোগ্য আয় আছিল ১১ লাখ টকা। এই টকাৰ পৰিমাণ ২০২২-২৩ চনত বৃদ্ধি পাই হৈছেগৈ ২৩.৫ লাখ টকা।

মোদীয়ে শপতনামাত দাখিল কৰা তথ্য অনুসৰি ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বি এ আৰু ১৯৮৩ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে নৰেন্দ্ৰ মোদীয়ে।

নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নাই কোনো অপৰাধমূলক গোচৰ।

উল্লেখ্য যে এইবাৰ প্ৰথমবাৰলৈ নিজৰ ব্যক্তিগত মোবাইল নম্বৰ ৰাজহুৱা কৰিছে নৰেন্দ্ৰ মোদীয়ে। শপতনামাত দাখিল কৰা অনুসৰি নৰেন্দ্ৰ মোদীৰ ম’বাইল নম্বৰ হৈছে ৮৯৮০৮-০৯২২৪।