দেশীয় সুৰাৰ বিৰুদ্ধে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ফটো : নৰ্থ-ইষ্ট নাও

সমগ্ৰ ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা দেশীয় সুৰাৰ বিপনীৰ বিৰুদ্ধে প্ৰতিবাদত বহিল নাৰী মুক্তি সংগ্ৰাম সমিতি।

নাৰী মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী সুৰভি গগৈ আৰু সম্পাদিকা জিতুমণি গগৈৰ নেতৃত্বত বহু মহিলাই আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰত দেশীয় সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়া বন্ধ কৰা, ইতিমধ্যে গ্ৰাম্যাঞ্চলত যি বিলাক দেশীয় সুৰাৰ বিপনী খুলিবলৈ অনুজ্ঞাপত্ৰ দিলে সেই বিলাক উঠাই দিয়া আৰু গ্ৰাম্যঞ্চলত যি বিলাকে দেশীয় সুৰাৰ আৱণ্টন বিচাৰিছে সেই সকলৰ অনুজ্ঞাপত্ৰ কৰ্তনৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰখনত নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰ কয় যে গ্ৰাম্যাঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা দেশীয় সুৰা সেৱন কৰি বহু পুৰুষ তথা যুৱক বিপথে পৰিচালিত হোৱাৰ লগতে কম বয়সতে মৃত্যুৰ মুখত পৰিছে।

ইয়াৰ উপৰি এই দেশীয় সুৰা সেৱন কৰাৰ ফলত পৰিয়ালত তথা অঞ্চলত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

সেয়ে গ্ৰাম্যাঞ্চলত এই দেশীয় সুৰাৰ বিপনীসমূহ চৰকাৰে অতিশীঘ্ৰে বন্ধ কৰাৰ দাবী কৰে নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে।