একেৰাহে দুটা সৌৰ বিস্ফোৰণ। একেৰাহে দুদিনত ঘটিছে এই বিস্ফোৰণ। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই তুলিছে তাৰ ফটো। ইয়াৰে এটা ১০ মে’ত ৰেকৰ্ড কৰা হৈছিল। আনটো শনিবাৰে বন্দী কৰা হয়। জ্যোতিৰ্বিজ্ঞানীসকলে দুয়োটা যথেষ্ট শক্তিশালী বিস্ফোৰণ আছিল ধাৰণা কৰে। নাছাইও সৌৰ শিখাৰ প্ৰকাশ ঘটা বুলি দাবী কৰিছে।
নাছাই প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ছোলাৰ ডায়নামিক্স অৱজাৰভেটৰিয়ে দুটা সৌৰ শিখা ৰেকৰ্ড কৰিছে। ১০ মে’ত আমেৰিকাৰ সময় অনুসৰি নিশা ৯:২৩ বজাত সংঘটিত হয় এক বিস্ফোৰণ। আনটো বিস্ফোৰণ ১১ মে’ৰ পুৱা ৭:৪৪ বজাত সংঘটিত হৈছিল।
ছ’চিয়েল মিডিয়া এক্স-ৰ একাউণ্টত আমেৰিকাৰ মহাকাশ সংস্থা নাছা এণ্ডে স্পেচে লিখিছে যে ২০২৪ চনৰ ১০-১১ মে’ত সূৰ্য্যই সৌৰ শিখা নিৰ্গত কৰিছিল। নাছাই এই বিস্ফোৰণৰ সময়ো ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে। নাছাৰ মতে সেইবোৰক X5.8 আৰু X1.5 শ্ৰেণীৰ ফ্লেয়াৰ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল।
The Sun emitted two strong solar flares on May 10-11, 2024, peaking at 9:23 p.m. EDT on May 10, and 7:44 a.m. EDT on May 11. NASA’s Solar Dynamics Observatory captured images of the events, which were classified as X5.8 and X1.5-class flares. https://t.co/nLfnG1OvvE pic.twitter.com/LjmI0rk2Wm
— NASA Sun & Space (@NASASun) May 11, 2024
নাছাৰ মতে সৌৰ শিখাসমূহ যথেষ্ট শক্তিশালী বিস্ফোৰণৰ অংশ। নাছাৰ বিবৃতিত কোৱা হৈছে যে সৌৰ শিখা আৰু সৌৰ বিস্ফোৰণে ৰেডিঅ’ যোগাযোগ, বৈদ্যুতিক পাৱাৰ গ্ৰীড আৰু নেভিগেচন সংকেতত প্ৰভাৱ পেলাব পাৰে। মহাকাশযান আৰু মহাকাশচাৰীৰ বাবে ই যথেষ্ট বিপদজনক। নাছাৰ মতে, সৌৰ শিখাসমূহক এতিয়ালৈকে হোৱা আটাইতকৈ শক্তিশালী বিস্ফোৰণ হিচাপে চিনাক্ত কৰা হৈছে।
Why do we get auroras on Earth after eruptions occur on the Sun? A thread. 🧵
⬇️⬇️⬇️
(Images:
Left: a solar flare captured by NASA's Solar Dynamics Observatory.
Right: Aurora seen from Lummi Island, Washington, at 10:54 p.m. PT on May 10, 2024. Credit: Jeff Carter) pic.twitter.com/0seln79n0p— NASA Sun & Space (@NASASun) May 11, 2024
নাছাই লগতে জনায় যে ইয়াৰ পূৰ্বে সৌৰ ধুমুহাই পৃথিৱীৰ দিশলৈ ধাবিত সৌৰ চুম্বকীয় ধুমুহাৰ কাৰণে উচ্চ হিমালয়ৰ হানলে ডাৰ্ক স্কাই ৰিজাৰ্ভত এক বিৰল স্থিতিশীল অৰ’ৰেল ৰেড আৰ্ক ইভেণ্টৰ ফলত লাডাখৰ কিছু অংশ আৰু বিশ্বৰ অন্যান্য অঞ্চলত আন্ধাৰ আকাশখন এটা ৰঙা জিলিকনিয়ে পোহৰাই তুলিছিল। বিশেষজ্ঞসকলে কয় যে অৰোৰা নামেৰেও পৰিচিত এই পোহৰবোৰ এটা বিৰল বায়ুমণ্ডলীয় পৰিঘটনা যিয়ে আকাশখন ৰঙা ৰঙৰ জিলিকনিৰে ভৰাই তোলে।