নাছাই বিচাৰি পালে বিক্ৰম লেণ্ডাৰ; চন্দ্ৰপৃষ্ঠত তিনিটা টুকুৰা হৈ আছে পৰি বিক্ৰম

vikram-lander-found_6_120319080912

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ সম্পৰ্কে টুইট কৰি জানিব দিছে যে তেওঁলোকৰ লুনাৰ ৰিক’নেছেন্স অৰ্বিটৰ (LRO)ই চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ টুকুৰা হৈ পৰি থকা অৱস্থাত বিচাৰি পাইছে।

নাছাই দাবী কৰা মতে চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ ভগ্নাংশ ইয়াৰ বিধ্বংসস্থলীৰ পৰা ৭৫০ মিটাৰ দূৰত্বত পোৱা গৈছে।

বিক্ৰম লেণ্ডাৰৰ ভগ্নাংশৰ তিনিটা ডাঙৰ টুকুৰা পোৱাৰ কথা নাছাই সোমবাৰে নিশা প্ৰায় ১.৩০ বজাত ফটোসহ প্ৰকাশ কৰিছে।

নাছাই জানিব দিয়ে যে বিক্ৰম লেণ্ডাৰৰ ফটো এক কিলোমিটাৰ দূৰত্বৰ পৰা লোৱা হৈছে। এই ফটোত চন্দ্ৰপৃষ্ঠৰ মাটিত ইয়াৰ প্ৰভাৱ দেখা গৈছে।

ফটোত দেখা গৈছে যে চন্দ্ৰৰ যি স্থানত বিক্ৰম লেণ্ডাৰ পৰিছিল তাৰ মাটিত ক্ষতিৰ চিহ্ন আছে।

ভাৰতীয় মহাকাশ সংস্থা ইছৰোই নাছাৰ সৈতে যোগাযোগ কৰিছে আৰু বিক্ৰম লেণ্ডাৰৰ প্ৰভাৱ পৰা স্থানৰ তথ্য বিচাৰিছে।

জানিব পৰা মতে, নাছাই ইছৰোক সম্পূৰ্ণ প্ৰতিবেদন দিব য’ত বিক্ৰম লেণ্ডাৰ সম্বন্ধীয় অধিক তথ্য লাভ কৰিব পৰা যাব।

ইয়াৰ পূৰ্বে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই বিক্ৰম সন্দৰ্ভত তথ্য দিয়াৰ আশা ব্যক্ত কৰিছিল। কিয়নো তেওঁলোকৰ লুনাৰ ৰিক’নেছেন্স অৰ্বিটৰ (LRO)য়ে সেই স্থানৰ ওপৰেৰে চলাচল কৰাৰ কথা আছিল য’ত বিক্ৰম লেণ্ডাৰ ভূপতিত হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছিল।