পাঁচটা দশকৰ পিছত আকৌ জোনবাই দেশলৈ যাব মানুহ : নিৰ্বাচন কৰা হৈছে ৪ জন বিজ্ঞানীক

সোমবাৰে NASA ই ঘোষণা কৰে যে সফলভাবে অন্ত পৰা এপ’ল’ চন্দ্ৰ অভিযানৰ পাঁচ দশকৰ পাছত পুনৰ দ্বিতীয়টো অভিযানত চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথমগৰাকী ব্যক্তি হ’ব এগৰাকী মহিলা। চন্দ্ৰপৃষ্ঠলৈ যাব লগা চাৰিজন ব্যক্তিৰ নাম ঘোষণা কৰে NASA ই।

খবৰ অনুসৰি, নাম উল্লেখ কৰা মহাকাশচাৰীসকলে ২০২৪ চনত আমেৰিকাৰ পৰা আৰম্ভ হ’বলগীয়া আৰ্টেমিছ-II অভিযানত চন্দ্ৰৰ চাৰিওফালে ঘূৰিব চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিব।

চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলগীয়া এগৰাকী ব্যক্তি হৈছে ৰিড ৱাইজমেন। আমেৰিকাৰ নৌসেনাৰ পাইলট ৰিড ৱাইজমেনে কিছুদিনৰ বাবে নাছাৰ মহাকাশচাৰী কাৰ্যালয়ৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবৰ বাবে নিৰ্বাচিত হোৱা আন এজন ব্যক্তি হ’ল আমেৰিকাৰ নৌসেনাৰ এজন পৰীক্ষামূলক পাইলট ভিক্টৰ গ্লভাৰ। ভিক্টৰে ২০১২ চনত নাছাত যোগদান কৰি ২০২০ চনত প্ৰথমবাৰ মহাকাশ যাত্ৰা কৰিছিল।

জোনবাইৰ বুকুত ভৰি থ’বলৈ সাজু হোৱা প্ৰথম মহিলাগৰাকী হৈছে ক্ৰীষ্টিনা কোচে। উল্লেখ্য যে অবিৰতভাবে মহাকাশত সৰ্বাধিক সময়ৰ থাকি অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ক্ৰীষ্টিনা কোচেই। একেৰাহে মহাকাশত ৩২৮ দিন থাকি অভিলেখ সৃষ্টি কৰিছিল মাহাকাশচাৰী গৰাকীয়ে। ক্ৰীষ্টিনা আছিল এগৰাকী বৈদ্যুতিক অভিযন্তা। নাছাই চন্দ্ৰ অভিযানৰ বাবে বাছি লোৱা প্ৰথমগৰাকী মহিলা হ’ব তেওঁ।

চন্দ্ৰলৈ যাবৰ বাবে নাছাই নিৰ্বাচন কৰা আন এজন ব্যক্তি হৈছে যুঁজাৰু বিমানৰ প্ৰাক্তন পাইলট জেৰেমি হেনচেন।

নাছাৰ প্ৰশাসক বিল নেলছনৰ উদ্ধৃতিৰে বিবিচিয়ে কয় যে, “আৰ্টেমিছদ্বিতীয়ৰ দলটোৱে চন্দ্ৰৰ ওচৰলৈ যোৱাৰ বাবে অক্লান্তভাৱে কাম কৰা হাজাৰ হাজাৰ লোকক প্ৰতিনিধিত্ব কৰিছে।

উল্লেখ কৰিব পাৰি যে ৫০ বছৰৰ পিছত এইবাৰ আকৌ মানুহৰ সান্নিধ্য লাভ কৰিব চন্দ্ৰপৃষ্ঠই।

১৯৭২ চনত শেষবাৰৰ বাবে মানুহে চন্দ্ৰত খোজ কাঢ়িছিল। অন্তিম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত খোজ পেলোৱা ব্যক্তিগৰাকী আছিল এপ’ল’ ১৭ৰ কেপ্তেইন ইউজিন চেৰনান।