• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংস্কৃতক কম্পিউটাৰ অনুকূল ভাষা হিচাপে স্বীকৃতি দিছে নাছাই : দাবী দিল্লীৰ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 8:25 am
214
VIEWS
Share on FacebookShare on Twitter

সংস্কৃত আচলতে এটা বৈজ্ঞানিক ভাষা আৰু আটাইতকৈ কম্পিউটাৰ অনুকূল ভাষা। আনকি নাছাৰ বিজ্ঞানীসকলেও ইয়াৰ ক’ডিং ক্ষমতাক স্বীকৃতি দিছে। শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সংস্কৃত ভাষাৰ পুনৰুজ্জীৱনৰ সপক্ষে মন্তব্য কৰি এই দাবী উত্থাপন কৰিছে।

দিল্লী চৰকাৰ আৰু ‘সংস্কৃত ভাৰতী’ৰ সহযোগত ২৩ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা সংস্কৃত শিক্ষা পদক্ষেপৰ সামৰণি অনুষ্ঠান হয়। দেওবাৰে তালৈ গৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। তাত সংস্কৃত ভাষাৰ কথা কওঁতে তেওঁ কয়, “ভাৰতৰ গৌৰৱময় ইতিহাস সংস্কৃতত লিখা হৈছে। আমাৰ সংস্কৃতি ইয়াত লিপিবদ্ধ হৈ আছে। পৃথিৱীৰ ৬০ খনতকৈও অধিক বিশ্ববিদ্যালয়ত সংস্কৃত ভাষাৰ পাঠদান কৰা হয়। মই কিছু গৱেষণা কৰি গম পালোঁ যে নাছাৰ বিজ্ঞানীসকলেও ইয়াৰ ক‘ডিং ক্ষমতাক স্বীকৃতি দি ইয়াৰ ওপৰত গৱেষণা পত্ৰ লিখিছে। এই ভাষাটোৱেই আটাইতকৈ কম্পিউটাৰ অনুকূল ভাষা।”

ৰেখা গুপ্তাই লগতে উল্লেখ কৰে যে সংস্কৃত হৈছে ভাৰতীয় সংস্কৃতিৰ ভেটি। তেওঁ কয়, “প্ৰতিখন ৰাজ্যৰ নিজস্ব মাতৃভাষা আছে। কিন্তু বাস্তৱত সংস্কৃতহে আমাৰ মাতৃভাষা। কাৰণ প্ৰতিটো ভাষা সংস্কৃতৰ পৰাই আহিছে। হিন্দী, মাৰাঠী, বাংলা, সিন্ধী, মালয়ালম — এই সকলোবোৰ সংস্কৃতৰ শাখা।”

ৰেখা গুপ্তাই আৰু কয়, “ভাৰত যদি বিশ্বগুৰু হ‘ব বিচাৰে, তেন্তে আমি সংস্কৃতৰ জৰিয়তে গভীৰ জ্ঞান আহৰণ কৰাটো প্ৰয়োজন। এইটোৱেই সেই ভাষা যিয়ে এসময়ত আমাৰ বিজ্ঞান, ব্যৱসায় আৰু সংস্কৃতিক পথ প্ৰদৰ্শন কৰিছিল।”

ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ এই মন্তব্যক বহু লোকে সমালোচনা কৰিছে। এই প্ৰসংগত তেওঁ ১৯৮৫ চনত ৰিক ব্রিগছে ৰচনা কৰা ‘সংস্কৃত আৰু কৃত্রিম বুদ্ধিমত্তাত জ্ঞান প্রতিনিধিত্ব’ নামৰ গৱেষণা পত্ৰখনৰ কথা উল্লেখ কৰে৷ তেওঁৰ মতে, সেই গৱেষণা পত্ৰখনত সংস্কৃতৰ ব্যাখ্যা কৃত্ৰিম বুদ্ধিমত্তাৰে বৰ্তমানৰ সময়ৰ লগত খাপ খোৱাকৈ কৰা হৈছিল।

আনকি মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দাবী কৰে যে দিল্লীৰ বিদ্যালয়ত শিশুসকলৰ সংস্কৃত অধ্যয়নত অধিক গুৰুত্ব দিয়া হ’ব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd