চন্দ্ৰৰ মাটিত পোৱা গৈছে অক্সিজেন; সম্ভৱ হ’ব মানুহৰ বসতি? নাছাৰ পৰীক্ষাত নতুন আশা

ফটো: সংগ্ৰহীত।

নকল চন্দ্ৰৰ মাটিৰ পৰাই সফলতাৰে নিষ্কাশন কৰি উলিওৱা হৈছে অক্সিজেন। শেহতীয়া পৰীক্ষা-নিৰীক্ষাত নাছাই লাভ কৰিছে এই সফলতা। পৰীক্ষাগাৰত বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা হয় এই মাটি। তাৰ ওপৰত বিশেষ পৰীক্ষা-নিৰীক্ষা কৰিয়েই উদ্ধাৰ কৰা হ’ল মানুহৰ জীয়াই থকাৰ অপৰিহাৰ্য উপাদান।

নাছাই আৰ্টেমিছ অভিযানত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে চন্দ্ৰৰ মাটিৰ ওপৰত কৰা এই গৱেষণাৰ ফলাফলে এক নতুন দিশ দিব বুলি ভাৱে মহাকাশ বিশেষজ্ঞসকলে।

পৰীক্ষাগাৰত নিৰ্মিত চন্দ্ৰৰ মাটি হৈছে বিশেষভাৱে প্ৰস্তুত কৰা গুড়ি মাটি। এই মাটিয়েই আচলতে চন্দ্ৰপৃষ্ঠত বিয়পি থাকে। সেই মাটিৰ পৰা বায়ুশূন্য পৰিৱেশত (vacuum environment)অক্সিজেনৰ সফল নিষ্কাশন এইটোৱেই প্ৰথম। এই সফলতাই নাছাৰ পুনৰ নতুন চিন্তাৰ বাট মুকলি কৰিছে।

নাছাৰ আৰ্টেমিছ মিছন। ফটো: সংগ্ৰহীত।

মহাকাশচাৰীসকলেও একেদৰেই চন্দ্ৰত গৈ অক্সিজেন প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। জীয়াই থকাৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ উপাদান উপলব্ধ হ’লে জীৱনৰ সন্ধান চলোৱা সহজ হ’ব। নাছাৰ মহাকাশ বিজ্ঞানীসকলেও তেনেকৈয়ে ভাবে। পৰৱৰ্তী পদক্ষেপসমূহ In-Situ Resource Utilization প্ৰক্ৰিয়াত লোৱা হ’ব।

অক্সিজেন দীৰ্ঘদিন ধৰি চন্দ্ৰৰ মাটিৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈ আহিছে। উশাহ-নিশাহৰ উপৰিও অক্সিজেনে চন্দ্ৰ ভ্ৰমণকে ধৰি আন বহুতো কঠিন সমস্যা সমাধান কৰিব পাৰে। এই সন্দৰ্ভত নাছাই এক বিবৃতি প্ৰকাশ কৰিছে। কোৱা হৈছে, এই পৰীক্ষাৰ জৰিয়তে দেখা গ’ল যে চন্দ্ৰৰ মাটিৰ পৰা অক্সিজেন প্ৰস্তুত কৰা সম্ভৱ। ইয়াৰ উপৰিও নিয়মিতভাৱে উৎপন্ন হোৱা অক্সিজেনে জটিল মুহূৰ্ততো মানুহক জীয়াই থাকিবলৈ সহায় কৰিব। একে সময়তে বাহিৰৰ জগতখনলৈ যাত্ৰা কৰাৰ পথো সহজ হ’ব।

লগতে পঢ়ক: প্ৰতিজন মানুহৰে থাকে দুখন মুখ! চাণক্যৰ মতে প্ৰকৃত বন্ধু চিনি পোৱাৰ ৪টা উপায়

নাছাৰ কাৰ্ব’থাৰ্মেল ৰিডাকচন ডেম’ষ্ট্ৰেচন দলটোৱে জনছন স্পেচ চেণ্টাৰত এই পৰীক্ষা-নিৰীক্ষা চলাইছিল। ১৫ ফুট ব্যাসৰ বৃত্তাকাৰ লেতেৰা তাপ শূন্য কক্ষত (dirty thermal vacuum chamber) এই পৰীক্ষা কৰা হয়। এই চেম্বাৰটোক কিয় লেতেৰা বুলি কোৱা হয়? সেই কাৰণো নাছাৰ পৰা জানিব পৰা গৈছে। এই চেম্বাৰৰ ভিতৰত অশুদ্ধ নমুনাও পৰীক্ষা-নিৰীক্ষা কৰিব পৰা যায় বুলি কোৱা হৈছে।