NASA warned massive Airplane-sized Asteroid পৃথিৱীৰ পিনে তীব্ৰ গতিৰে আহি আছে এটা বিশাল গ্ৰহাণু। ইয়াৰ আকাৰ ঠিক এখন বিমানৰ দৰে! ফলত এক তীব্ৰ আতংকৰ সৃষ্টি হৈছে। ইয়াৰ নাম এনইঅ’ ২০২২ কিউপি-থ্ৰি (NEO 2022 QP3)। নাছাই এই সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে।
২৮ আগষ্টত ই পৃথিৱীৰ আটাইতকৈ ওচৰলৈ আহিব বুলি ধাৰণা কৰা হৈছিল। ১০০ ফুট ডাঙৰ গ্ৰহাণুটো পৃথিৱীৰ পৰা মাত্ৰ ৫.৫১ নিযুত কিলোমিটাৰ দূৰত আছে।
নাছাৰ চেণ্টাৰ ফৰ নিয়ৰ আৰ্থ অবজেক্ট ষ্টাডিজে (চিএনইঅ’এছ) কৈছে যে গ্ৰহাণুটো প্ৰতি ছেকেণ্ডত ৭.৯৩ কিলোমিটাৰ বেগত গতি কৰি আছে। এইটো আমাৰ সৌৰজগতৰ এটা অতিৰিক্ত অংশ। এইটো মহাশূন্যত ঘূৰি ফুৰিছিল। এতিয়া কেনেবাকৈ ই পৃথিৱীৰ আকৰ্ষণ-বলয়ৰ ওচৰলৈ আহি পৃথিৱীৰ পিনে লৰি আহিছে।
পৃথিৱীৰ পৰা ইয়াৰ গতি আৰু দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানীসকলে ইয়াক ‘সম্ভাৱ্য বিপদজনক অৱজেক্ট’ হিচাপে চিনাক্ত কৰিছে। এই গ্ৰহাণুটো এটা শিলৰ, ৪.৬ বিলিয়ন বছৰ পুৰণি পদাৰ্থ।
ইয়াৰ পূৰ্বে কেইবাটাও গ্ৰহাণু পৃথিৱীৰ দিশে গতি কৰি আহিছিল। প্ৰায় ৫টা গ্ৰহাণু এইদৰে আহিছিল। ইয়াৰ ভিতৰত ‘2022 OT-1’ নামৰ গ্ৰহাণুটো ১১০ ফুট পৰিসৰৰ আছিল। এইটো সাম্প্ৰতিক সময়ত পাঁচটা ধূমকেতুৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল। ই ৪.৭ নিযুত কিলোমিটাৰ ভিতৰলৈ আহিব বুলি ধাৰণা কৰা হৈছিল! পৃথিৱীবাসীক ই শংকিত কৰি তুলিছিল।
অৱশ্যে মহাকাশ গৱেষকসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিয়নো কমেও ৫ টা গ্ৰহাণু পৃথিৱীৰ মাজেৰে পাৰ হোৱাৰ কথা আছিল। মহাকাশ গৱেষকসকলৰ মতে ইয়াৰে কমেও তিনিটা গ্ৰহাণু বিশাল আকৃতিৰ যি উদ্বেগজনক। অলপ ভুল হ’লেই সেইবোৰ চিধাই পৃথিৱীৰ দিশলৈ আহিব পাৰে। তেতিয়া এক ডাঙৰ দুৰ্যোগ হ’ব পাৰে!
নাছাৰ বিজ্ঞানীসকলৰ মতে গ্ৰহাণুটোৰ গতি বেগ প্ৰতি ছেকেণ্ডত ৫.৭ কিলোমিটাৰ অৰ্থাৎ প্ৰতি ঘণ্টাত প্ৰায় ২০,৫২০ কিলোমিটাৰ আছিল। কিন্তু অৱশেষত ই পৃথিৱীত আহি পৰা নাছিল। তেন্তে ই ক’ত অৱস্থান কৰিলে? ই পৃথিৱীৰ দিশ এৰি আন দিশলৈ গতি কৰিলে নেকি?
বৰ্তমান এই NEO 2022 QP.3ক লৈয়ে সকলো উদ্বিগ্ন। নাছাৰ বিজ্ঞানীসকলে সতৰ্ক কৰি দিয়াৰ পিছতে সকলো শংকিত।