তালিবানৰ পুনৰুত্থানত উল্লাসিত মুছলমানক তীব্ৰ সমালোচনা অভিনেতা নাছিৰুদ্দিন শ্বাহৰ

একাংশ মুছলমানে তালিবানৰ উত্থানক লৈ আনন্দ উদযাপন কৰাটো অতি ভয়ংকৰ। এই মন্তব্য প্ৰদান কৰিছে বলিউডৰ প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহে।

সামাজিক মাধ্যমযোগে এটা ভিডিঅ’ ক্লিপত অভিনেতাজনে এইদৰে নিজৰ বক্তব্য প্ৰদান কৰিছে। তেওঁ কয় যে যিসময়ত আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত সমগ্ৰ বিশ্বৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে, সেই সময়ত ভাৰতৰ একাংশ মুছলমান লোকে আনন্দ উদযাপন কৰাটো অতি বিপজ্জনক।

তালিবানক বৰ্বৰ বুলিও আখ্যা দিয়ে নাছিৰুদ্দিন শ্বাহে। তেওঁ কয়- যিসকলে তালিবানৰ পুনৰোত্থানক লৈ আনন্দ কৰিছে, নিজকে প্ৰশ্ন কৰা উচিত যে তেওঁলোকে তেওঁলোকৰ ধৰ্মক আধুনিক কৰি তুলিব কৰিব নে পুৰণা বৰ্বৰ ধৰ্মীয় ব্যৱস্থা এটাতে থাকিব।

তদুপৰি তেওঁ ভাৰতীয় মুছলমানসকলক ‘হিন্দুস্তানী মুছলমান’ বুলিও অভিহিত কৰে। তেওঁ কয় যে হিন্দুস্তানী ইছলাম আৰু বিশ্বৰ অন্যান্য ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত পাৰ্থক্য আছে। নিজকে হিন্দুস্তানী মুছলমান বুলি আখ্যা দি অভিনেতাজনে কয় যে ঈশ্বৰৰ স’তে তেওঁৰ সম্পৰ্ক অনানুষ্ঠানিক আৰু এইক্ষেত্ৰত প্ৰতিষ্ঠিত ৰাজনৈতিক ধৰ্ম তেওঁৰ প্ৰয়োজন নাই।

উল্লেখযোগ্য যে ৭১ বৰ্ষীয় অভিনেতাজনে শেহতীয়াকৈ কেতবোৰ সামাজিক বিষয়ত মাত মাতি চৰ্চা লাভ কৰা দেখা গৈছে। দেশত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পোৱা বুলি দুবছৰ পূৰ্বে মন্তব্য কৰিছিল নাছিৰুদ্দিন শ্বাহে।

গোৰক্ষকৰ আইন বিৰোধী কাৰ্যকলাপ, হিন্দু-মুছলিমৰ সাম্প্ৰদায়িক সংঘাতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ নিজৰ সন্তানৰ ভৱিষ্যত ভাৰতত সুৰক্ষিত হয় নে নহয়, সেই বিষয়েও নিজৰ ভাৱ ব্যক্ত কৰিছিল।

তাৰপাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। হিন্দুত্ববাদীসকলে তেওঁক দেশদ্ৰোহী আখ্যা দিছিল । তদুপৰি তেওঁক ভাৰত এৰি যাবলৈও দাবী জনাইছিল।

তেনেক্ষেত্ৰত প্ৰখ্যাত অভিনেতাজনে ইছলামিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা এই মন্তব্যই সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰা দেখা গৈছে।