NORTHEAST NOW (Assamese)

বিশিষ্ট নাট্যশিল্পী দুলাল ৰয় আৰু আৰতী দাস বৈৰাগীলৈ নটসূৰ্য ফণী শৰ্মা বঁটা

July 31, 2019 7:49 pm · এন ই নাও নিউজ
ফটো : য়ু বি

বিশিষ্ট নাট্যকাৰ দুলাল ৰয় আৰু অভিনেত্ৰী আৰতী দাস বৈৰাগীক অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে এইবৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰে সন্মানিত কৰে। বঁটা প্ৰদান কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি ৰঙিয়াৰ পেৰেড গ্ৰাউণ্ড খেলপথাৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত নাট্যকাৰ দুলাল ৰয় আৰু অভিনেত্ৰী আৰতি দাস বৈৰাগীয়ে বটাঁ গ্ৰহণ কৰি দুয়োগৰাকী নাট্যশিল্পীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ জনায়।

দুলাল ৰয়ে কয়, ‘এই বঁটা লাভ কৰি মই গৌৰৱান্বিত। আজিৰ এই দিনটো নাটকৰ দিন, নাট্যকৰ্মীৰ দিন, সমাজৰ বাবে আমি জীয়াই আছো। দৰ্শকৰ অবিহনে নাটক অসম্ভৱ, নাটক থাকে সমাজত আৰু সমাজ থাকে নাটকত’।

একেদৰে আৰতি দাস বৈৰাগীয়েও নিজৰ ভাষণত ফণী শৰ্মাৰ জীৱনীবৃত্তি তথা নাট্যকাৰগৰাকীৰ নাটকৰ সংলাপ আদি বিষয়ত বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে বঁটা প্ৰাপক শিল্পী দুজনক তেওঁলোকে আগবঢ়োৱা বলিষ্ঠ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নটসূৰ্যৰ আৰ্দশৰে অনুপ্ৰাণিত হৈ ভৱিষ্যতেও ৰাজ্যখনৰ বৌদ্ধিক, সাংস্কৃতিক উত্তৰণৰ দিশত অগ্ৰণী ভূমিকা পালন কৰি যাবলৈ আহ্বান জনায়।

আজি আগবঢ়োৱা বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, শৰাই, গামোচা আৰু ২ লাখ টকাৰ একোখনকৈ চেক।

আনহাতে অনুষ্ঠানত নাট্যশিল্পী দুলাল ৰয়ে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙণিৰ এখন চেক সোণোৱালৰ হাতত অৰ্পণ কৰে।

আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত ফণী শৰ্মাৰ পুত্ৰ অজিত কুমাৰ শৰ্মা, সাংস্কৃতিক মন্ত্ৰী নৱ দলে, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, সাংস্কৃতিক সঞ্চালকালয়ৰ সচিব বিমলকৃষ্ণ বৰুৱাকে ধৰি সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰৰ বহুলোক উপস্থিত থাকে।

Related News