NORTHEAST NOW (Assamese)

গণিতৰ জনপ্ৰিয়কৰণত বিশেষ অৰিহণা; মুনীন্দ্ৰ কুমাৰ মজুমদাৰলৈ ৰাষ্ট্ৰীয় বঁটা

February 8, 2019 5:47 pm · এন ই নাও নিউজ
Updated: February 8, 2019 5:51 pm
ছাত্ৰ-ছাত্ৰীৰ সৈতে মুনীন্দ্ৰ মজুমদাৰ। ফটোৰ উৎস ফেচবুক

গণিতক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৰিহণাৰ বাবে গুৱাহাটীৰ আগশাৰীৰ বিদ্যালয় ‘মাৰিয়া পাব্লিক স্কুল’ৰ গণিতৰ শিক্ষক মুনীন্দ্ৰ কুমাৰ মজুমদাৰক ‘নেশ্যনেল এৱাৰ্ড ফৰ আউটষ্টেন্দিং এফ’ৰ্ট ইন ছায়েন্স এণ্ড টেংন’লজি কমিউনিকেশ্যন’ (গণিত), ২০১৮ৰে সন্মানিত কৰা হ’ব।

অহা ২৮ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় বিজ্ঞান ভৱনত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে প্ৰদান কৰা এই বঁটাত আছে নগদ ২ লাখ টকা, এক স্মাৰক এখন প্ৰশংসাপত্ৰ।

জানিব পৰা মতে কেইবাখনো গ্ৰন্থ আৰু আলোচনি আদিত লেখা-মেলাৰ জৰিয়তে গণিত বিষয়টোক ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে মজুমদাৰলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে।

গণিত বিষয়ত প্ৰায় ২০ খন গ্ৰন্থ লিখাৰ উপৰি বিভিন্ন কাকত, আলোচনী আদিত ১০০ৰো অধিক প্ৰৱন্ধ লিখিছে। তেওঁ লিখা কেইখনমান গ্ৰন্থ হৈছে ‘অংকৰ যাদু’, ‘বিনোদন গণিত’, ‘ফাইন উইঠ নাম্বাৰ্ছ’ ইত্যাদি।

নলবাৰীত জন্মগ্ৰহণ কৰা মুনীন্দ্ৰ কুমাৰ মজুমদাৰে যোৱা ১৭ বছৰে ‘মাৰিয়া পাব্লিক স্কুল’ত শিক্ষকতা কৰাই আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতত পি এইছ ডি ডিগ্ৰীধাৰী মজুমদাৰে বিভিন্ন ঠাইত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণিতৰ কৰ্মশালা আৰু কুইজ আদি অনুষ্ঠিত কৰিছে।

Related News