২৭ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ : তিনিশ শিশু বিজ্ঞানীৰে উদুলি মুদুলি মাজুলী
অজস্ৰ অনুসন্ধিৎসাৰে ভৰা শিশু মনৰ কল্পনাশক্তি আৰু উদ্ভাৱনী শক্তিক যথাযথ ভাৱে সহযোগ আগবঢ়োৱাৰ উদ্দেশ্যে মাজুলীত অনুষ্ঠিত হৈছে ২৭ সংখ্যক শিশু বিজ্ঞান সমাৰোহ।
শিশুমনৰ কৌতূহল তথা নজনাক জনাৰ যি হেঁপাহ, তাৰ পোষণ আৰু বৰ্ধনৰ বাবে মাজুলীৰ ফুলনিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সমাৰোহত ভাগ লৈছে ৩০০ শিশু বিজ্ঞানীয়ে ।
এই কাৰ্য্যসূচীৰ জৰিয়তে ১০ ৰ পৰা ১৭ বছৰ বয়সৰ শিশু-কিশোৰে এক নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি নানা প্ৰকল্প প্ৰস্তুত কৰি প্ৰথমে জিলা পৰ্য্যায়ত, পাছত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত উপস্থাপন কৰিব পাৰে।
এই কাৰ্য্যসূচীৰ মূল লক্ষ্য হ’ল শিশুসকলক বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী কৰি তোলা, তেওঁলোকৰ চৌপাশে দেখা পোৱা বিভিন্ন ঘটনা বা পাৰিপাৰ্শ্বিক-সামাজিক সমস্যা সম্পৰ্কে বিজ্ঞানসন্মতভাৱে চিন্তা কৰিব পৰাকৈ উপযুক্ত কৰি তোলা।
তদুপৰি, যিকোনো সমস্যাৰ সমাধানৰ প্ৰতি শিশুসকলক যত্নপৰ কৰি তোলাৰ লগতে তেওঁলোকক দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াটোও ইয়াৰ আন এক লক্ষ্য।
সেইবাবেই এই কাৰ্য্যসূচীত এজন শিশুক তেওঁ কৰা প্ৰকল্পত প্ৰথম, দ্বিতীয় স্থানৰ অধিকাৰী হোৱাতকৈ প্ৰকল্পটো সম্পূৰ্ণ বৈজ্ঞানিকভাবে কৰি উলিওৱাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হয়।
সৰ্বতোপৰি পৰম্পৰাগত শিক্ষাব্যৱস্থাৰ আওঁতালৈ নহা, বিদ্যালয়লৈ নোযোৱা শিশুৱেও এই কাৰ্য্যসূচীত অংশ লব পাৰে।