• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নুমলীগড়ৰ জৈৱ শোধনাগাৰ প্ৰসংগত সেউজ প্ৰাধিকৰণত তৰা গোচৰ খাৰিজ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 21, 2020 3:07 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় শােধনাগাৰৰ উদ্যোগত অসম বায়’ ৰিফাইনাৰী প্রাইভেট লিমিটেড (ABRPL) নামেৰে গঠন হােৱা ৰাজ্যৰ প্ৰথমটো জৈৱ শােধনাগাৰে নুমলীগড়ত বলবৎ থকা ন’ ডেভিলপমেন্ট জ’ন আইন উলংঘা কৰা বুলি ৰাষ্ট্ৰীয় সেউজ প্ৰধিকৰণত বোকাখাতৰ ৰোহিত চৌধুৰীয়ে তৰা গোচৰৰ আবেদন খাৰিজ কৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰধিকৰণে৷

প্রধান মন্ত্রী নৰেন্দ্র মােদীয়ে আধাৰশিলা স্থাপন কৰা এই জৈৱ শােধনাগাৰটোৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে ২০১৭ বর্ষৰ ৮ নৱেম্বৰত পাৰিপার্শ্বিক অনুমােদন কৰিছিল।

কিন্তু এই পাৰিপার্শ্বিক অনুমােদনক প্রত্যাহান জনাই শোধনাগাৰটো বন্ধ কৰাৰ বাবে ৰােহিত চৌধুৰী নামৰ এগৰাকী যুৱকে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত তৰা এক গােচৰক লৈ জিলাখনত যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি হৈছিল।

২০১৮ বর্ষৰ ৫ ফেব্রুৱাৰিত তৰা এই গােচৰ সন্দর্ভত যােৱা ১৪ আগষ্টত অন্তিম শুনানি গ্রহণ কৰি প্ৰাধিকৰণৰ ন্যায়ধীশ আদৰ্শ কুমাৰ গোয়েল, এছ পি ৱাংডি আৰু নাগিন নন্দাক লৈ গঠিত তিনিজনীয়া বিচাৰপীঠে ন’ ডেভেলপমেন্ট জ’নত এই জৈৱিক শোধনাগাৰ স্থাপন কৰাৰ লগতে বায়ু প্ৰদূষণ আৰু জল প্রদূষণ সৃষ্টি কৰাকে ধৰি ৰোহিত চৌধুৰীয়ে উত্থাপন কৰা মুঠ ১৫ টাৰো অধিক অভিযােগ নস্যাৎ কৰি নুমলীগড়ৰ জৈৱিক শোধনাগাৰৰ সপক্ষে ঐতিহাসিক ৰায়দান কৰে।

এই ৰায় দানত সেউজ প্ৰধিকৰণে এই কথাও স্পষ্ট কৰি দিয়ে যে ১৯৯৬ চনত কেন্দ্রীয় চৰকাৰে নুমলীগড় শোধনাগাৰৰ ১৫ কিলােমিটাৰ ব্যাসার্ধ এলেকাক সামৰি ঘােষণা কৰা ন’ ডেভলপমেন্ট জ’ন এলেকাত প্ৰদূষণ আৰু কেন্দ্রীয় পৰিৱেশ আৰু বন মন্ত্র্যালয়ৰ অনুমােদন সাপেক্ষে নিশ্চিতভাৱে উদ্যোগ স্থাপন কৰিব পাৰিব আৰু এই অঞ্চলটো উদ্যোগ স্থাপনৰ বাবে নিষিদ্ধ অঞ্চল নহয় বৰং নিয়ন্ত্ৰিত অঞ্চল বুলিহে গণ্য কৰা বুলি সেউজ প্ৰাধিকৰণে তাৎপর্যপূর্ণ মন্তব্য কৰে।

নুমলীগড় শোধনাগাৰৰ জৈৱ শোধনাগাৰ স্থাপনৰ আৰম্ভণিতেই ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত তৰা এই গােচৰটো যােৱা তিনিটা বছৰে কেইবাটাও শুনানিৰ অন্তত ১৪ আগষ্টত চূড়ান্ত ৰায়দানেৰে সামৰণি পৰে৷

সেউজ প্ৰাধিকৰণে প্রদান কৰা এই ৰায়দানক জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক বিপুল বৰা, নুমলীগড় শােধনাগাৰ ঠিকাদাৰ সংস্থাৰ সভাপতি অনুপ ভাগৱতী, গােলাঘাট সম্মিলিত নাগৰিক মঞ্চৰ মুখ্য সম্পাদক দিগন্ত কুমাৰ ভূঞা, অসম ক্রিকেট এছ’চিয়েশ্যনৰ উপ সভাপতি পৰীক্ষিত দত্ত, নুমলীগড় অইল ৰিফাইনেৰী টেংকাৰ এছ’চিয়েশ্যনৰ সম্পাদক ভাস্কৰ জ্যোতি গােঁহাই, আটছা (স্বতন্ত্র)ৰ মুখ্য উপদেষ্টা নুৰুল আলী, মৰঙী প্রেছ ক্লাব সভাপতি হেমন্ত শইকীয়া, ঐক্যসেনা অসমৰ গােলাঘাট জিলা সমিতিৰ সভাপতি তৌফিক আলীকে ধৰি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে আদৰণি জনাইছে। 

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ হাইড্র’কার্বন ভিজন-২ৰ অধীনত মুঠ ১৭৫০ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব লগা এই জৈৱ শোধনাগাৰ কার্যক্ষম হৈ উঠিলে ৫ লাখ মেট্রিক টন বাঁহ প্ৰতি বছৰে ব্যৱহৃত হ’ব বুলি জানিব পৰা গৈছে।

নুমলীগড়ৰ এই জৈৱ শোধনাগাৰটো অহা ২০২১ বর্ষত উৎপাদন ক্ষম হৈ উঠিব বুলি শােধনাগাৰৰ সূত্রৰ পৰা জানিব পৰা গৈছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd