পথ নে পুখুৰী? এপাল ম’হে ঘুলি ল’লে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত

20190426_225002(1)

পথ নে পুখুৰী, হাৰাংগাজাওত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা। ফটো : নৰ্থইষ্ট নাও

নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ আঠ বছৰ পাছতো অসমৰ জাতিঙ্গা-হাৰাঙ্গাজাও ৰাষ্ট্ৰীয় ঘাইপথত আছে কেইবাটাও ম’হে একেলগে ঘুলি ল’ব পৰা গাঁত। বহু চৰ্চিত ইষ্ট-ৱেষ্ট কৰিড’ৰৰ অংশ এটা ৰাষ্ট্ৰীয় পথত এপাল ম’হে ঘুলি লৈ থকা এই দৃশ্যই সকলোকে আচৰিত কৰি তোলাৰ লগতে পথ নিৰ্মাণৰ নামত কিমান অৱহেলা, অনিয়ম হৈছে সেই সম্পৰ্কে সকলোকে ভবাই তুলিছে।

ঘাইপথটো বহু দিন ধৰি মৰণফান্দত পৰিণত হোৱাৰ পাছতো কৰ্তৃপক্ষৰ কোনো কানসাৰ নাই। ৰাইজৰ প্ৰশ্ন- হ’ল ইষ্ট-ৱেষ্ট কৰিড’ৰ এই পঁচিচ কিলোমিটাৰ অংশৰ কাম কেতিয়া সম্পূৰ্ণ হ’ব?

২০১১ চনতে জাতিঙ্গা-হাৰাঙ্গাজাও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব জেকেএম ইনফ্ৰা নামৰ বহিৰাগত এটা সংস্থাক দিয়া হৈছিল। কিন্তু পৰবৰ্তী সময়ত জেকেএমে কাম আগুৱাই নিয়াত ব্যৰ্থ হৈছিল আৰু সংস্থাটোৱে ভূতাত্ত্বিক সমস্যাক ইয়াৰ অজুহাত হিচাপে দাঙি ধৰিছিল।

এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ আৰু নিৰ্মাণ সংস্থা জেকেএমৰ মাজত আৰম্ভ হয় আইনী যুঁজ। যাৰ ফলত যোৱা ২০১৬ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা নিৰ্মাণৰ কাম বন্ধ হৈ পৰাত পাহাৰ আৰু বৰাক উপত্যকাৰ মাজত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে। তদুপৰি, হাৰাঙ্গাজাওৰ লগত জিলা সদৰ হাফলঙৰ সামগ্ৰিক যোগাযোগৰ একমাত্ৰ পথ হৈছে এই ঘাইপথ।

আইনী যুঁজৰ কাৰণে নিৰ্মাণৰ কাম বন্ধ হৈ থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ২৫ কিলোমিটাৰ পথ সূচল ৰখাৰ বাবে ন্যূনতম পদক্ষেপ লোৱাও পৰিলক্ষিত হোৱা নাই। অকল এষ্টিমেট আৰু ডিপিআৰ প্ৰস্তুত কৰি দিন অতিবাহিত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ হাফলঙত থকা প্ৰজেক্ট ইমপ্লিমেন্ট ইউনিটৰ বিষয়া কৰ্মী সকলে।

ইপিনে, বাস্তৱত কামৰ কোনো প্ৰতিফলন হোৱা নাই। যাৰ বাবে ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। প্ৰকৃততে, যোৱা পাঁচ  বছৰে নৰেন্দ্ৰ মোদী চৰকাৰে উক্ত পথৰ উন্নয়নৰ হকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এইবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়খন চৰকাৰে পথটোৰ উন্নয়নৰ হকে কি পদক্ষেপ লয়  সেয়া লক্ষ্যণীয় হ’ব।

পথছোৱাৰ দুৰাৱস্থাৰ কাৰণে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে চলন্ত অট’ৰিক্সা বা ছুম’তে অন্তঃসত্ত্বা মহিলাই প্ৰসৱ কৰিব লগা হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে।

ৰাইজৰ মন্তব্য, আগতে পাৰ্বত্য জিলাৰ উগ্ৰপন্থী সমস্যা ঘাইপথ নিৰ্মাণৰ অন্যতম প্ৰতিবন্ধক আছিল যদিও এতিয়া শান্তি বিৰাজ কৰা পাৰ্বত্য ভূমিত পথ নিৰ্মাণত চৰকাৰহে যে চৰম ব্যৰ্থ হৈছে তাত সন্দেহ নাই।