NORTHEAST NOW (Assamese)

ক্ৰটিপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰতিবাদত ঘাইপথ উন্নয়ন সমিতিৰ সংবাদমেল

June 12, 2022 10:21 am · ৰিদীপ শৰ্মা, কলিয়াবৰ

কলিয়াবৰ তিনিআলিত ক্ৰটিপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰতিবাদত সংবাদমেল অনুষ্ঠিত কৰে ঘাইপথ উন্নয়ন সমিতিয়ে। পথটোৰ নিৰ্মাণত থকা বিসংগতি অতি সোনকালে দূৰ কৰাৰ দাবী তুলিছে উন্নয়ণ সমিতিয়ে।

উল্লেখযোগ্য ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ তিনিআলিয়ে উজনিৰ পৰা নামনি সংযোগ কৰি আছে। এই পথচোৱাত সেয়ে এক কিলোমিটাৰ চাৰ্ভিছ ৰোড নিৰ্মাণৰ দাবী কৰিছিল যদিও ৰহস্যজনকভাবে পথচোৱা সংকুচিত কৰি বেঁকাকৈ নিয়াৰ অভিযোগ তুলিছে।

 এই সমগ্ৰ অভিযোগ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাক দাখিল কৰিছিল যদিও প্ৰতিবাৰে নিৰ্মাণ সংস্থাটো মৌন হৈ থকাৰহে গুৰুতৰ অভিযোগ উঠিছে।

ঘাইপথ উন্নয়ন সমিতিয়ে দুবাৰকৈ তথ্য জনা অধিকাৰ আইনৰ কাষ চাপিও কোনোধৰণৰ সুদুত্তৰ লাভ কৰিবলৈ সক্ষম নহ’ল। ফলত উজনিৰ পৰা নামনিৰ মূল মধ্যস্থল কলিয়াবৰ তিনিআলিত কি কাৰণত চাৰ্ভিচ ৰোড নিৰ্মাণ নোহোৱাৰ লগতে মাত্ৰ দুই তিনি ফুট ব্যবধানৰ ভিতৰতে ভিভাইডাৰ নিৰ্মাণ কৰিলে সেয়াও ৰহস্যৰ বিষয়হে হৈ থাকিল বুলি অভিযোগ তোলা হৈছে।

আনহাতে, চাৰ্ভিছ পথ নথকাৰ বাবে পথচোৱাৰ কাষতে বিভিন্ন অ’ফিচ থকাৰ লগতে কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয় থকাত কাৰ্যালয়লৈ অহা যানবাহন সমূহ ৰখোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।

সেইদৰে, পথচোৱা নিৰ্মাণ বিসংগতিপূৰ্ণ হোৱাৰ বাবেও বৰ্তমানলৈকে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰো গুৰুতৰ অভিযোগ তোলা হৈছে।

সেয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাই কি ৰহস্যজনক কাৰণত পথচোৱা সংকুচিত কৰাৰ লগতে চাৰ্ভিছ পথো নিৰ্মাণ নকৰিলে এই সকলোবোৰ কথাৰ সুদুত্তৰ নোপোৱাৰ বাবেই ঘাইপথ উন্নয়ণ সমিতিয়ে উচ্চতম ন্যায়লয়ৰ কাষ চাপিবলৈ বাধ্য হৈছে।

সমিতিৰ বাৰে বাৰে এটাই দাবী সমগ্ৰ অসমবাসীৰ কথা ভাবি শীঘ্ৰে এটা চাৰ্ভিছ পথ তৈয়াৰ কৰাৰ লগতে পথচোৱা ক্ৰটিপূৰ্ণভাবে নিৰ্মাণ কৰক। অন্যথা অনাগত দিনত ভয়ংকৰ দুৰ্ঘটনা হোৱাতো নিশ্চিত।

Related News