গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা। কেডেট, জুনিয়ৰ আৰু ২১ বছৰ অনূৰ্ধ্বৰ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন দুদিনীয়াকৈ ৬ আৰু ৭ এপ্ৰিলত অনুষ্ঠিত হ’ব।
য়ুনাইটেড কাৰাটে ড’ সন্থা অসমৰ (উকা) উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনত দেশৰ ৩৪ খন ৰাজ্যৰ খেলুৱৈ-কৰ্মকৰ্তাসহ প্ৰায় ১৩০০ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।
কেডেট (১৪-১৫ বছৰ), জুনিয়ৰ (১৬-১৭ বছৰ) আৰু ২১ বছৰ অনূৰ্ধ্বৰ ল’ৰা-ছোৱালীয়ে অংশ গ্ৰহণ কৰিব লগীয়া প্ৰতিযোগিতাখন মুঠ ৩৬টা বিভিন্ন শাখাত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হ’ব লগীয়া এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত দেখুওৱা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই অহা ২৬-২৮ এপ্ৰিলত মালয়েছিয়াত অনুষ্ঠিত হ’ব লগীয়া ১৮ সংখ্যক কেডেট, জুনিয়ৰ আৰু ২১ বছৰ অনূৰ্ধ্ব এছিয়ান কাৰাটে প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো গঠন কৰিব।