NORTHEAST NOW (Assamese)

গুৱাহাটীত আপৰ কৰ্মী সভাত ৰাষ্ট্ৰীয় নেতা ৰাহুল পানৱাৰ; অসমত সাংগঠনিক পুনৰগঠনৰ বাবে ব্যাপক তৎপৰতা

July 6, 2024 7:15 pm · নৰ্থ ইষ্ট নাও অসমীয়া

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত আৰু বিধান সভাৰ উপ-নিৰ্বাচনৰ পূৰ্বেই আম আদমী পাৰ্টিয়ে সাংগঠনিক পুনৰগঠনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। চলিত জুলাই মাহৰ ভিতৰতে দলৰ নতুন ৰাজ্যিক কমিটীৰ লগতে জিলা পৰ্যায়ৰ কমিটী সমূহ নতুনকৈ গঠন কৰা হ’ব।

ইতিমধ্যে দলৰ নেতা – কৰ্মী সকলে সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত তৃণমুল পৰ্যায়ত দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলাৰ আপ কৰ্মী সকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত দলৰ নেতা- কৰ্মী সকলক দিকনিৰ্দেশনা দিয়ে ৰাষ্ট্ৰীয় নেতা অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰাহুল পানৱাৰে। আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰী, জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজা, নৱাগত নেতা ৰমেন বৰঠাকুৰৰ উপস্থিতিত অনুষ্ঠিত কৰ্মী সভাত ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবেও দলৰ কৰ্মী সকলক সাজু হ’বলৈ আহ্বান জনায় ৰাহুল পানৱাৰে।

Related News