দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন সোণৰ পদক বিজয়ী আৰ্চাৰ গহেলা বড়ো

চিকিৎসাৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস বিটিচিৰ স্বাস্থ্য বিভাগৰ 

England’s Ollie Robinson '

ছালৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সোণৰ পদক বিজয়ী আৰ্চাৰ গহেলা বড়োৰ চিকিৎসাৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বিটিচি পৰিষদীয় চৰকাৰখনে৷

কোকৰাঝাৰ ৰুপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আৰ্চাৰ গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ এই আশ্বাস প্ৰদান কৰিছে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যৱাহী সদস্য অৰুপ কুমাৰ দেই৷

আৰ্চাৰ গহেলা বড়োৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈ কাৰ্যবাহী সদস্য দেই সাংবাদিকৰ আগত কয়-“গহেলা আমাৰ বিটিআৰৰ গৌৰৱ৷কিন্তু অসুস্থতাৰ বাবে তেওঁ আজি চিকিৎসাধীন৷সেয়েহে আৰ্চাৰ গহেলাক পুনৰায় আমি এগৰাকী ধনুৰ্বিদৰ ৰুপত চাব বিচাৰোঁ৷তাৰ প্ৰতি লক্ষ্য ৰাখি গহেলাৰ সকলো ধৰণৰ চিকিৎসা পৰিষদীয় চৰকাৰে বহন কৰিব৷দুই-এদিনৰ ভিতৰতে তেওঁক দিল্লীস্থিত এইমছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হব৷যিহেতু ৰোগবিধৰ চিকিৎসা কোকৰাঝাৰত সম্ভৱ নহয়৷’

উল্লেখ্য যে সুস্থ হৈ উঠাৰ পিচত আৰ্চাৰ গহেলা বড়োক এটা চৰকাৰী চাকৰি প্ৰদানৰ দিহা কৰা হব বুলিও কাৰ্যৱাহী সদস্য দেই সাংবাদিকৰ আগত জানিব দিয়ে৷