শোণিতপুৰৰ আসাম ভেলী স্কুলত সৰ্বভাৰতীয় পৰ্য্যায়ৰ লোকনৃত্য প্ৰতিযোগিতা

শোণিতপুৰ জিলাৰ বালিপৰাত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ এক আগশাৰীৰ তথা অভিজাত শিক্ষানুষ্ঠান হৈছে আসাম ভেলী স্কুল। বিদ্যালয়খনে, ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ লগে লগে অন্যান্য দিশ সমূহতো যাতে পিছ পৰি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰি আহিছে।
সেই উদ্দেশ্য আগত ৰাখিয়েই ২ ছেপ্তেম্বৰত উক্ত বিদ্যালয়খনে সৰ্বভাৰতীয় পৰ্যায়্যাত এক লোকনৃত্য প্ৰতিযোগিতা আয়োজন কৰে।
আই পি এছ চিৰ অৰ্ন্তগত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ ‘নৃত্যপ্ৰভা’ নামৰ লোকনৃত্য প্ৰতিযোগিতাখনত দেশৰ কেইবাখনো আগশাৰী শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে।
আসাম ভেলী স্কুলৰ ‘দ্যা উলিয়ামচন মেগৰ’ হলত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভাৰতবৰ্ষৰ মুঠ ১৬ খন স্কুলৰ পৰা অহা লোকনৃত্যৰ দলে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ শৌষ্টভ বৃদ্ধি কৰে। প্ৰতিটো দলৰ মনপৰশা নৃত্যই দৰ্শক ৰাইজক বাৰুকৈয়ে আপ্লুত কৰি তোলা দেখা যায়।

সৰ্বভাৰতীয় পৰ্য্যায়ৰ এই লোকনৃত্য প্ৰতিযোগিতাখনিত অসমীয়া চলচ্চিত্ৰ জগতৰ দুগৰাকী মোহময়ী অভিনেত্ৰী তথা নৃত্যশিল্পী বৰষাৰাণী বিষয়া আৰু মেঘৰঞ্জনী মেধি বিচাৰকৰূপে উপস্থিত থাকে।