ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পেৰা স্পোৰ্টচত পদক পোৱা খেলুৱৈ আনোৱাৰ শিকদাৰৰ পৰৱৰ্তী লক্ষ্য এচিয়ান গেমছ
দিব্যাংগ সকলক বিভিন্ন দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পেৰা স্পোৰ্টচত অংশগ্ৰহণ কৰি বৰপেটাৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা দিব্যাংগ খেলুৱৈ আনোৱাৰ শিকদাৰক আজি সম্বৰ্ধনা জনোৱা হয় ৷
বৰপেটা জিলা বিকলাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্টুপীয়াকৈ অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে দিব্যাংগ সাতোৰবিদ গৰাকীক সম্বৰ্ধনা জনায় ৷
উল্লেখ্য যে, আনোৱাৰ শিকদাৰে ২০ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ বাংগালোৰত অনুষ্ঠিত ২০ সংখ্যক ৰাষ্ট্ৰীয় পেৰা চুইমিংৰ ৫০ মিটাৰ ব্ৰেস্ট ষ্ট্ৰকত প্ৰথম স্থান, ৫০ মিটাৰ বেক ষ্ট্ৰকত দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷
২২ চনত চীনত অনুষ্ঠিত হব লগা পেৰা এচিয়ান গেমছত অংশ গ্ৰহণ কৰাৰ লক্ষ্য আনোৱাৰ শিকদাৰৰ ৷
ইয়াৰ বাবে প্ৰস্তুতি চলাই আছে যদিও আৰ্থিক সমস্যাৰ বাবে কিছু থমকি ৰৈছে আনোৱাৰ শিকদাৰে ৷
যদিহে ৰাজ্য চৰকাৰে সহায় সহযোগ কৰে তেন্তে পেৰা এচিয়ান গেমছতো পদক আনিবলৈ সক্ষম হব বুলি দৃঢ় বিশ্বাসী দিব্যাংগ সাঁতোৰবিদ আনোৱাৰ শিকদাৰ ৷