বেংকৰ ব্যক্তিগতকৰণ : দুদিনত ভৰি দিলে ইউ.এফ.বি.ইউৰ ধৰ্মঘট, কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ

ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নছ (ইউ.এফ.বি.ইউ.) আহ্বান কৰা ধৰ্মঘটৰ আজি দ্বিতীয় দিনত ভৰি দিছে।

ধৰ্মঘট উপলক্ষে দেশখনৰ বেংক কৰ্মচাৰীসকলে ৰাজপথত অৱস্থান গ্ৰহণ কৰিছে।

যাৰ ফলত দেশখনৰ বেংকিঙত প্ৰভাৱ পৰা দেখা গৈছে।

কেন্দ্ৰীয় চৰকাৰে যোৱা মাহৰ বাজেট অধিৱেশনত তোলা বেংকিং খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰোধিতাত এই ধৰ্মঘট পালন কৰা হৈছে।

বিৰোধী দল কংগ্ৰেছে এইক্ষেত্ৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ পৰা সমুচিত প্ৰত্যুত্তৰ দাবী কৰিছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গেই  বিষয়টোৰ গুৰুত্বতা সম্পৰ্কে কয় যে দেশখনৰ ১২টাকৈ ৰাজহুৱা বেংকৰ দেশজুৰি ১০০,০০০টা ব্ৰাঞ্চ আছে আৰু ১৩ লাখ কৰ্মচাৰী নিয়োজিত হৈ আছে।

কংগ্ৰেছ নেতা খৰ্গেই কয় যে চৰকাৰে দুটাকৈ ৰাজহুৱা খণ্ডৰ বেংকক ৭৫ কোটি একাউণ্ট হ’ল্ডাৰৰ স’তে আলোচনা নকৰাকৈয়ে ব্যক্তিগতখণ্ডক গটাই দিবলৈ ওলাইছে।

তদুপৰি বীমা কোম্পানীসমূহৰ কৰ্মচাৰীসকলেও ১৭ মাৰ্চ আৰু এল.আই.চি.ৰ কৰ্মচাৰীসকলে ১৮ মাৰ্চত ধৰ্মঘট আহ্বান কৰিব বুলি কংগ্ৰেছ নেতাজনে জনায়।

আইন এক কংগ্ৰেছ সাংসদ ৰৱনীত সিঙে কয় যে বেংকসমূহ ব্যক্তিগতকৰণ হ’লে বেংকসমূহৰ আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰা হ’ব। এয়া কেৱল ১০ লাখ ধৰ্মঘটৰত কৰ্মচাৰীসকলৰেই নহয়, এয়া দেশৰ জনসাধাৰণৰ বাবেই চিন্তনীয় বিষয়।

ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নছ (ইউ.এফ.বি.ইউ.)ৰ স’তে প্ৰতিবাদী ধৰ্মঘটটোত ইণ্ডিয়ান নেচনেল বেংক এম্প্লয়ীজ ফেডাৰেচন, ইণ্ডিয়ান নেচনেল বেংক অফিচাৰছ কংগ্ৰেছ, নেচনেল অৰ্গেনাইজেচন, নেচনেল অৰ্গেনাইজেচন অৱ বেংক ৱৰ্কাৰ্ছ আৰু নেচনেল অৰ্গেনাইজেচন অৱ বেংক অফিচাৰছয়েও যোগদান কৰিছে।