অসমৰ বিভিন্ন জিলাৰ পৰা ২০২২ৰ জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে অসংখ্য বাছ, চাৰিচকীয়া, দুচকীয়া বাহনেৰে প্ৰকৃতিৰাণী বগামটিত আহি উপস্থিত হয় বনভোজকাৰীৰ দল।
বগামাটিৰ সেউজ নীলাভ পাহাৰ, বৰনদীৰ হিমশীতল নীল সেউজীয়া পানীৰ দৃষ্টিনন্দন দৃশ্যই মোহিত কৰে বনভোজকাৰী সকলক।
কংক্ৰীটৰ মহানগৰীৰ পৰা এদিনৰ বাবে পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধু বৰ্গৰ সৈতে উপস্থিত হৈ আনন্দত আত্মহাৰা হৈ পৰা দেখা যায় বহুতকে।
শীতৰ আমেজৰ মাজতে যুৱক-যুৱতীৰ নৃত্য গীতত প্ৰাণ পাই উঠে বগামাটি।
হোৱাইট ৱাটাৰ ৰাফটিং, জীপ লাইনিঙৰ লগতে বিভিন্ন দুঃসাহাসিক ক্ৰীড়াৰ সুবিধা থকা বগামাটিৰ পাহাৰ-গছ-লতা-নদীয়েও যেন নাচি উঠে পৰ্য্যটকৰ সৈতে।
Also Read: দেশৰ পূব তথা উত্তৰ-পূব অঞ্চলক সাগৰীয় পথেৰে সংযোগ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ বৈঠক
এই স্থানে অসমৰ চুইজাৰলেণ্ড হিচাপে খ্যাতি লাভ কৰাৰ পিছত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনে লাভ কৰিছে এক অনন্য মাত্ৰা।
জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ বগামাটিত দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ নিৰ্মাণ কৰা হৈছে সু উচ্চ পাহাৰৰ ওপৰত এটি বৌদ্ধ মঠ।
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে নিজাববীয়াকৈ নিৰ্মাণ কৰা বাথৌ ঠাঁনচলি হৈ পৰিছে পৰ্য্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।
ভূটান পাহাৰৰ বুকু ভেদি বৈ অহা বৰনদীৰ হিম শীতল জলৰাশি স্পৰ্শ কৰি আনন্দত মতলীয়া হৈ পৰে যুৱক-যুৱতী, কিশোৰ-কিশোৰী।
সকলোৰে প্ৰাণোছচ্ছল আনন্দত প্ৰাণ পাই উঠে বগামাটি।
Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?
বনৰীয়া হাতীৰ জাক, ময়ূৰ, অন্যান্য পৰিভ্ৰমী পক্ষী, বন গাহৰিৰ বিচৰণ ভূমি বগামাটি বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ অধ্যয়নৰ বাবে আছে বিশেষ সমল।
যান্ত্ৰিকতাৰ জীৱনৰ পৰা এদিনৰ বাবে আঁতৰি আহি প্ৰাকৃতিক নৈসৰ্গিক দৃশ্যৰ মাজলৈ আপুনিও আহক ভৰত-ভূটান সীমান্তৰ বগামাটিলৈ।