দীৰ্ঘকাল মুখ্যমন্ত্ৰী হৈ থকা কমিউনিষ্ট জ্যোতি বসুৰ অভিলেখ ভংগ কৰিলে নবীন পাটনাইকে

শনিবাৰে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ অভিলেখ ভংগ কৰিলে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকে। দেশৰ ভিতৰতে সর্বাধিক দিন ৰাজ্যত শাসন কৰা মুখ্যমন্ত্রীৰ তালিকাত তেওঁ এতিয়া দ্বিতীয় স্থানত আছে৷

২০০০ চনৰ ৫ মাৰ্চত উৰিষ্যাত পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী নবীন পাটনাইকে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। শনিবাৰলৈকে মুখ্যমন্ত্ৰী হিচাপে ২৩ বছৰ ১৩৮ দিনৰ কাৰ্যভাৰ সম্পূৰ্ণ কৰিছে নবীন পাটনাইকে।

আনহাতে, ১৯৭৭ চনৰ ২১ জুনত জ্যোতি বসুৱে কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(এম) ৰ দলৰ পৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ২০০০ চনৰ ৫ নৱেম্বৰলৈকে  বসুৱে ২৩ বছৰ ১৩৭ দিন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ২০০০ চনত তেওঁ বুদ্ধদেৱ ভট্টাচাৰ্য হাতত স্বেচ্ছাই দায়িত্ব অৰ্পণ কৰি মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে।

উল্লেখ্য যে দেশৰ ভিতৰত সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ গঢ়িবলৈ আকৌ এবাৰ নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰী মন্ত্ৰী হ’ব লাগিব উৰিষ্যাৰ নবীন পাটনাইকে। কিয়নো এতিয়াও দেশৰ ভিতৰতে সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হৈ থকা অভিলেখ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চেমলিঙৰ হাততেই আছে।

চেমলিঙৰ এই অভিলেখ ভংগ কৰি নবীন পাটনাইকে দেশৰ ভিতৰেত সৰ্বাধিক কাল মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ গঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো নবীন পাটনাইকৰ বিজু জনতা দল এতিয়াও উৰিষ্যাৰ এক নম্বৰ দল।  ফলস্বৰূপে পুনৰ নিৰ্বাচিত হ’লে দেশৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া সময় মুখ্যমন্ত্ৰী হোৱা চেমলিঙৰ অভিলেখ নবীনৰ হাতত থাকিব।

উল্লেখ্য যে পৱন কুমাৰ চেমলিঙ আছিল চিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ পাঁচবাৰকৈ চিকিমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। তেওঁ ১৯৯৪ চনৰ ১২ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ ২৬ মে’লৈকে চিকিমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল।