• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চাঞ্চল্য! প্ৰশ্নত ৰুষ্ট হৈ নৱাজ শ্বৰীফৰ চালকে থুৱালে মহিলা সাংবাদিকৰ মুখত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 7:48 pm
Nawaz Sharif
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আপুনি দুৰ্নীতিগ্ৰস্ত নেকি?’- মাত্ৰ এটা প্ৰশ্ন। এই প্ৰশ্নটো ৰুষ্ট হৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ চালকে থুৱালে এগৰাকী মহিলা সাংবাদিকৰ মুখত। তাকো লণ্ডনৰ হাইড পাৰ্কত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ অনলাইনত। ভাইৰেল ভিডিঅ’টোত এগৰাকী মহিলা শ্বৰীফৰ বাহনখনৰ কাষ চাপি যোৱা দেখা গৈছে। বাহনখনৰ সন্মুখৰ আসনত বহি আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

মোবাইলত ৰেকৰ্ডিং কৰি থকা মহিলাগৰাকীয়ে নৱাজ শ্বৰীফক উদ্দেশ্যি তেওঁ দুৰ্নীতিগ্ৰস্ত নেকি বুলি প্ৰশ্ন কৰে। এই প্ৰশ্নটোৰ পিছতে বাহনখনৰ চালকগৰাকীয়ে বাহনৰ খিৰিকী মহিলাগৰাকীৰ মুখত থু পেলায়।

এনে লজ্জাজনক কাণ্ড সংঘটিত কৰি চালকজনে লগে লগে খিৰিকীখন ওপৰলৈ উঠাই লয় আৰু বাহনখন সেই স্থানৰ পৰা আঁতৰাই নিয়ে। পাকিস্তান তেহৰিক-ই-ইনছাফ পাৰ্টিৰ সদস্য ডাঃ ফাতিমা কেই টুইটাৰত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

ফাতিমা কেই উক্ত ভিডিঅ’টোত থকা মহিলাগৰাকী এগৰাকী সাংবাদিক বুলি উল্লেখ কৰে। তেওঁ লগতে কোনো উদাৰবাদী, বুদ্ধিজীৱী, নাৰীবাদী লোকেই এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।

Nawaz Sharif’s driver spits on the face of a journalist who asked a question!
None of the liberals, intellectuals or feminists will speak against it.

Sick of this selective morality!!

Disgusting 🤢 pic.twitter.com/fsKdgVu5vm

— Dr Fatima K – PTI (@p4pakipower1) September 16, 2023

এই ভিডিঅ’টোক লৈ ক্ষুব্ধ হৈ পৰিছে নেটিজেনো। ক্ষোভিত নেটিজেনে ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে কৰিছে বিভিন্ন ধৰণৰ মন্তব্য। এগৰাকী লোকৰ ভাষাত, ঘটনাৰ দ্বাৰা প্ৰমাণ হৈছে যে নৱাজ শ্বৰীফ কেৱল দুৰ্নীতিগ্ৰস্তই নহয়, চয়তানো।

উল্লেখ্য যে, পাকিস্তানত দুটাকৈ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈছিল শ্বৰীফ। লাহোৰ উচ্চ ন্যায়ালয়ে তেওঁক চিকিৎসাৰ বাবে চাৰি সপ্তাহৰ বাবে বিদেশলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছিল।

তাৰ পিছতে তেওঁ ২০১৯ চনৰ নৱেম্বৰৰ পৰা লণ্ডনত বাস কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd