• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃগাঁথনি, অৰ্হতাযুক্ত শিক্ষক নথকা বাবে অসমৰ ১৫খন বি এড মহাবিদ্যালয়ৰ পঞ্জীয়ন বাতিল

ৰাজ্যৰ ১৫খনকৈ বি এড কলেজৰ স্বীকৃতি বাতিলৰ আঁৰৰ কাহিনী আৰু বিস্তাৰিত তথ্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 20, 2019 12:05 am
Banikanta Kakati BEd College
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃগাঁথনি আৰু অৰ্হতাসম্পন্ন শিক্ষকৰ অভাৱৰ বাবে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে ৰাজ্যৰ ১৫খন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পঞ্জীয়ন বাতিল কৰাত হাহাকাৰ লাগিছে এইবোৰত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী শিক্ষক-শিক্ষয়িত্ৰীৰ।

পৰিষদৰ নিৰ্ধাৰিত মানবোৰ পূৰাবলৈ অসমৰ্থ হোৱা বাবেই শিক্ষক প্ৰক্ষিণ মহাবিদ্যালয়কেইখনৰ বিৰুদ্ধে এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে।

পঞ্জীয়ন বাতিল হোৱা অসমৰ বিভিন্ন জিলাৰ এই প্ৰশিক্ষণ মহাবিদ্যালয়বোৰত এতিয়াও বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ বি এড ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি আছে।

এই বি এড কলেজবোৰ কামৰূপ, যোৰহাট, ডিব্ৰুগড়, ওদালগুৰি, গোৱালপাৰা আদি কেইবাখনো জিলাৰ অন্তৰ্গত। ইয়াৰে দুখন চৰকাৰী আৰু বাকীকেইখন ব্যক্তিগত খণ্ডৰ।

আমাৰ হাতত পৰা তথ্য অনুসৰি পঞ্জীয়ন বাতিল হোৱা ব্যক্তিগত খণ্ডৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ভিতৰত কামৰূপ জিলাৰ ছয়গাঁৱৰ কে আৰ ডি কলেজ অব এডুকেশ্যন, ডিব্ৰুগড় জিলাৰ নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, যোৰহাটৰ কমলা বেজবৰুৱা স্মৃতি প্ৰশিক্ষণ মহাবিদ্যালয়, ধেমাজিৰ প’ষ্ট গ্ৰেজুৱেট প্ৰশিক্ষণ মহাবিদ্যালয়, ছিপাঝাৰ বি এড মহাবিদ্যালয় আদিৰ নাম আছে।

অৱশ্যে চৰকাৰী বি এড কলেজবোৰৰ দায়িত্বত থকা ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (State Council of Educational Research and Training)ৰ সঞ্চালক নীৰদা দেৱীয়ে কয় যে চৰকাৰী বি এড মহাবিদ্যালয়কেইখনৰ পঞ্জীয়ন বাতিল কৰা নাই, নতুন নামভৰ্তি কৰিবলৈহে বাধা দিছে।

“খালী পদবোৰ পূৰ কৰা আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নীতকৰণৰ পিছতহে এইবোৰত পুনৰ নামভৰ্তি কৰিব পাৰিব”, নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা টেলিফোনিক বাৰ্তালাপত সঞ্চালক নীৰদা দেৱীয়ে কয়।

তেওঁ জনোৱামতে, চৰকাৰী বি এড কলেজৰ ভিতৰত মঙলদৈ আৰু গোৱালপাৰা বি এড কলেজত নামভৰ্তি বন্ধ ৰাখিবলৈ নিৰ্দেশ আহিছে আৰু গুৱাহাটীস্থিত বাণীকান্ত কাকতী বি এড কলেজত ১০০টা ছীটৰ বিপৰীতে ৫০ টা ছীটৰ বাবেহে নামভৰ্তি কৰিবলৈ সীমিত কৰি দিছে। উপযুক্তসংখ্যক অৰ্হতাসম্পন্ন শিক্ষক নথকা বাবে এইটো কৰা হৈছে।

বাণীকান্ত কাকতী বি এড কলেজত মুঠ ১৫টা শিক্ষক পদ আছে যদিও বৰ্তমান ইয়াৰে ৬টা পদ খালী হৈ আছে। মহাবিদ্যালয়খনত ৰিটায়াৰ্ড শিক্ষকৰ বিপৰীতে নিযুক্তি হোৱা নাই, নৰ্থ-ইষ্ট নাওক জনালে সঞ্চালকগৰাকীয়ে।

তেওঁ জনোৱামতে, ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদৰ কিছুমান নিয়মাৱলী থাকে আৰু এইবোৰ সময়ে সময়ে পুনৰ সংশোধন হৈ থাকে।

তেওঁ নৰ্থ-ইষ্ট নাওক জনোৱা কথাখিনি তলত তুলি দিয়া হ’ল-

২০১৪ চনলৈকে যিখিনি নিয়মাৱলী আছিল, তাত বি এড কলেজৰ শিক্ষকৰ বাবে নেট বা পি এইচ্ছ ডি প্ৰয়োজন বুলি উল্লেখ নাছিল। শিক্ষক হ’বৰ বাবে এম এড ডিগ্ৰীহে লাগিছিল। কেৱল অধ্যক্ষৰ বাবেহে পি এইচ্ছ ডি লাগিছিল।

কিন্তু ২০১৭ চনত নতুন গাইডলাইন প্ৰকাশ কৰিছে যে সকলো ফেকাল্টি মেম্বাৰ, আনকি ফিজিকেল এডুকেইশ্যন আৰু আৰ্ট এডুকেইশ্যনৰ ব্যক্তিজনৰো নেট আৰু পি এইচ্ছ ডি থাকিব লাগিব। কিন্তু এই ২০১৭ চনৰ গাইডলাইন দুবছৰৰ ভিতৰত বাস্তৱায়িত কৰাটো সম্ভৱ নহয়।

আনহাতে এইবোৰ পূৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে কোনো শিথিলতা দিয়া নাই বা টাইম লাইন দিয়া নাই যে ইমান বছৰত পি এইচ্ছ ডিটো কৰিব লাগে।

এই গাইডলাইনৰ ভিত্তিত পোনপটীয়াকৈ তেওঁলোকে এই ব্যৱস্থা লৈছে যাৰ ফলত এইবাৰ তিনিখন চৰকাৰী বি এড কলেজত নামভৰ্তিত সীমাবদ্ধতা আহিছে।

ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে লগতে এইটোও ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদক জনাব লাগিব যে গাইডলাইন যদি চাৰি বছৰৰ মূৰে মূৰে সলনি হয়, তেতিয়া হ’লে আগৰ গাইডলাইনমতে পূৰ্বে নিযুক্তসকলৰ বাবে কিবা এটা ব্যৱস্থা থাকিব লাগিব। তেওঁলোককতো লগে লগে গুচাই দিব নোৱাৰি।

ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে কাৰণ প্ৰদৰ্শনৰ জাননীৰ ৰূপত এই ব্যৱস্থাবোৰৰ বিষয়ে জনাইছে।

চৰকাৰী বি এড মহাবিদ্যালয়বোৰত খালীপদ থকাৰ কাৰণ হ’ল ২০১৬ চনতে বিজ্ঞাপন দিয়া আছিল যদিও এ পি এছ চিৰ গণ্ডগোলৰ বাবে সেইবোৰ পূৰ কৰিব পৰা হোৱা নাছিল। এতিয়া এইবোৰ পূৰাবলৈ চেষ্টা কৰা হৈছে আৰু এবছৰৰ পিছত হয়তো খালী হৈ নাথাকিব।

প্ৰাইভেট বি এড মহাবিদ্যালয়বোৰে নিয়মবোৰ ভালকৈ অনুসৰণ নকৰাৰ সম্ভাৱনা আছে।  সেইবোৰৰ কিছুমানত পৰ্য্যাপ্ত আৰু অৰ্হতাসম্পন্ন শিক্ষক নাই, পি এইচ্ছ ডি ডিগ্ৰীধাৰী নিয়মীয়া অধ্যক্ষ নাই। ভাৰপ্ৰাপ্তৰে চলি আছে।

ব্যক্তিগত খণ্ডৰ বি এড মহাবিদ্যালয়বোৰে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদত অনুমতিৰ বাবে আৱেদন কৰিব লাগে। তাৰ বাবে ৰাজ্যিক চৰকাৰৰ পৰা এখন এন অ’ চিৰ প্ৰয়োজন। এই এন অ’ চি ল’বৰ সময়ত চৰকাৰক তেওঁলোকে এইখিনি আন্তঃগাঁথনি, এইখিনি শিক্ষক, মানৱ সম্পদ বুলি দেখুৱায়।

তেওঁলোকে শিক্ষক নিযুক্তি দিয়াৰ পূৰ্বেই যিহেতু ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদৰ অনুমোদন পাব লাগিব, গতিকে চৰকাৰে তেওঁলোকক এখন অস্থায়ী এন অ’ চি দিয়ে। ইয়াত নিৰ্ধাৰিত মানৰ লেণ্ড, বিল্ডিং, আন্তঃগাঁথনি আছে বুলি দিয়া থাকে এনেকৈ- Provided that, subject to approval of NCTE and fulfillment of the eligibility criteria of the NCTE norms.

সেইমতে, তেওঁলোকে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদত আৱেদন কৰে। তাৰ পৰা পোনপটীয়াভাৱে পৰিদৰ্শন কৰিবলৈ মানুহ আহে। ৰাজ্যিক চৰকাৰৰ লগতে সম্পৰ্ক নাথাকে। আনহাতে বি এড ক’ৰ্ছটো তেওঁলোকে বিশ্ববিদ্যালয়ৰ সৈতে Affiliation কৰে।

খুব সম্ভৱ, এন চি টি ই-এ সময়সীমা দিছে, তেওঁলোকৰ পঞ্জীয়ন কি কাৰণত বাতিল কৰিছে লিখি দিছে। যদি সেইবোৰ পৰিপূৰ্ণ কৰি পুনৰ ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদৰ সৈতে যোগাযোগ কৰিব, তাৰ ভিত্তিত সিদ্ধান্ত হ’ব। সেইটোত আমাৰ কৰণীয় নাথাকে।

আনহাতে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদৰ ২০১৭ চনৰ নতুন নিৰ্ধাৰিত মান অনুসৰি মঙলদৈ বি এড মহাবিদ্যালয়ৰ অধ্যক্ষ অৰ্হতা নাই। কিন্তু অধ্যক্ষজনৰ অহা দুমাহৰ ভিতৰত অৱসৰৰ সময় হ’ব। শিক্ষককেইজনৰো একাংশ ২০১৭ চনৰ মানৰ ভিত্তিত নিযুক্তি হোৱা নাই।

নতুন মানৰ ভিত্তিত নিযুক্তি দিলে এইবোৰ অসুবিধা পুনৰ ঠিক হ’ব।

এই পঞ্জীয়ন বাতিলৰ ঘটনাৰ জৰিয়তে পোহৰলৈ অহা ছবিখনে উদঙাই দিছে কেনেকৈ উপযুক্ত আন্তঃগাঁথনি আৰু অৰ্হতাহীন শিক্ষকেৰে ৰাজ্যত চলি আছে শিক্ষক প্ৰশিক্ষণৰ ৰমৰমীয়া বেহা। এইবোৰত শিক্ষা লোৱা শিক্ষকে প্ৰকৃততে চৰকাৰৰ উপযুক্ত মানৱ সম্পদ গঢ়াৰ উদ্দেশ্যক সাৰ্থক কৰি তুলিব নে?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd