NORTHEAST NOW (Assamese)

বিশ্বনাথত আৰক্ষীৰ জালত দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰ; চাইনিজ গ্ৰেনেড জব্দ

August 25, 2018 9:04 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ মইনাপুৰৰ পৰা আজি বিশ্বনাথৰ ডি এছ পি আৰু ২৪ নং অসম ৰাইফলচৰ এক যুটীয়া অভিযানত এজন দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত কেডাৰজনৰ নাম আকাশ ৰামচিয়াৰী ওৰফে বুইঠি বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু সেনাবাহিনীয়ে আজি পুৱতি নিশা অভিযান চলাই বালিচাঙৰ মইনাপুৰত আত্মগোপন কৰি থকা অসম আৰক্ষীৰ মুৰৰ কামোৰনি বুইঠিক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ধৃত কেডাৰজনৰ পৰা এটা চাইনিজ গ্ৰেনেড আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে কেইবাটাও হিংসাত্মক কাৰ্যকলাপত জড়িত থকা আকাশ ৰামচিয়াৰী এন ডি এফ বিৰ তৃতীয় বেটেলিয়নৰ কেডাৰ আছিল। তেওঁক বিচাৰি আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অভিযান চলাই আছিল।

Related News