• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কদৰ আছে, ‘ব্ৰেণ্ডিং’ নাই অসমৰ চাহৰ; বিক্ৰী নোহোৱাকৈ ৰৈ যায় বৃহৎ পৰিমাণৰ চাহ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 25, 2018 9:01 pm
AssamTea

গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ চাহ খেতিৰ লগত জড়িক সংস্থা সমূহৰ সৈতে উদ্যোগ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহে অতীজৰ পৰাই অসমৰ বাবে এটা বিশেষ পৰিচয় বহন কৰি আহিছে। চাহ প্ৰতিজন অসমীয়াৰ গৌৰৱৰো থল। ৰাজ্যখনৰ অৰ্থনীতিতো চাহৰ বিশেষ বৰঙনি আছে। কিন্তু তাৰ পাছতো দুখৰ কথাটো হ’ল- বিশ্ব দৰবাৰত অসমৰ চাহ বা আছাম টী বুলি কোনো ব্ৰেণ্ড নাই। এই কথা আজি জনালে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ চাহ খেতিৰ লগত জড়িক সংস্থা সমূহৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই কথা ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে।

Apply Now

তেওঁ লগতে জনায় যে অসমৰ চাহৰ ‘আসাম টী’ হিচাপে ব্ৰেণ্ডিং কৰা, অসমৰ চাহৰ মান উন্নত কৰা, জি আই টেগ দিয়া (Geographical Indication) ল’গ’ৰ ব্যৱস্থা কৰা আৰু অসমৰ চাহক বিশ্বত জনপ্ৰিয় কৰাৰ বাবে আঁচনি লোৱাৰ উদ্দেশ্যে এই বৈঠকতে এখন সমিতি গঠন কৰা হয়।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰক অধ্যক্ষ আৰু আশুতোষ অগ্নিহোত্ৰীক সদস্য সচিব হিচাপে লৈ গঠন কৰা এই সমিতিখনত চাহ উদ্যোগৰ লগত জড়িত প্ৰতিটো সংস্থাৰ প্ৰতিনিধি আছে বুলি মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

সংবাদমেলখনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “অসমৰ চাহৰ উৎপাদন বৃদ্ধি পাইছে, কিন্তু আন্তৰ্জাতিক বজাৰত অসমৰ চাহৰ চাহিদা বৃদ্ধি পোৱা নাই। ফলত উৎপাদিত চাহৰ প্ৰায় ৮০ মিলিয়ন কিল’গ্ৰাম অৱশিষ্ট হিচাপে ৰৈ গৈছে। যাৰ বাবে অসমৰ চাহৰ দাম বৃদ্ধি পোৱা নাই।”

তেওঁ লগতে কয় যে অসমত চাহৰ উৎপাদন ব্যয় বৃদ্ধি পাইছে। সেই অনুপাতে জনমূৰি উপভোগ বৃদ্ধি পোৱা নাই।

ইপিনে, এই সংবাদমেলতেই মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অসমৰ চাহৰ উৎপাদন যথেষ্ট পৰিমাণে হৈ আছে যদিও সেয়া দক্ষিণ ভাৰতৰ তুলনাত কম।

“অসমত প্ৰতিজন শ্ৰমিকৰ বিপৰীতে চাহৰ উৎপাদন হয় আঢ়ৈ কেজি, আনহাতে দক্ষিণ ভাৰতত প্ৰতিজন শ্ৰমিকৰ বিপৰীতে চাহৰ উৎপাদন হয় ৬ কেজি”, মন্ত্ৰীজনে কয়।

অৱশ্যে এই হিচাপ অসম চাহ নিগমৰ অধীনত থকা বাগিচাসমূহৰ ওপৰতি ভিত্তি কৰিহে কোৱা বুলি তেওঁ জানিবলৈ দিয়ে। তেনেকৈ ক’লেও ইয়াৰ কাৰণ স্পষ্টকৈ জনোৱাৰ পৰা বিৰত থাকিল মন্ত্ৰী পাটোৱাৰী।

এই সংবাদমেলতে কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱত এখন ‘টি পাৰ্ক’ স্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসমৰ চাহৰ বাণিজ্যিক প্ৰচাৰ (promotion) আৰু জনপ্ৰিয়কৰণৰ উদ্দেশ্য এই পাৰ্ক স্থাপন কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

শনিবাৰৰ এই বৈঠকত Indian Tea Association, North East Tea Association, Tea Association of India, Assam Tea Planters Association, TATA, ভাৰতীয় চাহ পৰিষদকে ধৰি অসমৰ চাহ উদ্যোগৰ লগত জড়িত সকলো বৃহৎ প্ৰতিষ্ঠানে অংশ লোৱা বুলি সংবাদমেলত মন্ত্ৰী পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd