অভিশপ্ত ৩০ অক্টোবৰৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক অন্তৰ্ৱৰ্তী জামিন; আজি উৰা মাৰিব দিল্লীলৈ

Ranjan Daimari

ৰঞ্জন দৈমাৰী

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩০ অক্টোবৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত তথা এন ডি এফ বি প্ৰধান ৰঞ্জন দৈমাৰীৰ অন্তৰ্ৱৰ্তী জামিন মঞ্জুৰ কৰিছে।

উচ্চ ন্যয়ালয়ৰ বিশেষ সাংবিধানিক বিচাৰপীঠে শুকুৰবাৰে দৈমাৰীক অন্তৱৰ্তী জামিন প্ৰদান কৰে।

কেন্দ্ৰ চৰকাৰে এন ডি এফ বি বিদ্ৰোহী সকলৰ সৈতে শান্তি আলোচনাত ৰঞ্জন দৈমাৰীৰ উপস্থিতিক অগ্ৰাধিকাৰ দিয়া বাবেই গৃহ মন্ত্ৰ্যালয়ৰ অনুৰোধৰ পাছত জামিন আবেদন মঞ্জুৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

‘‘আমি শুকুৰবাৰে সন্ধিয়া দৈমাৰীৰ জামিন আবেদন স্থানান্তৰিত কৰিছো । ৫০,০০০ টকা জৰিমনা লৈ তেওঁক চাৰি সপ্তাহৰ বাবে অন্তৰ্ৱৰ্তী জামিন প্ৰদান কৰা হৈছে। দৈমাৰীয়ে শনিবাৰে শান্তি আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে দিল্লীলৈ উৰা মাৰিব,’’ ৰঞ্জন দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই কয়।

এই জামিনৰ ম্যাদ বৃদ্ধি হ’ব নেকি বুলি সাংবাদিকে সোধাত শৰণীয়াই কয়  “শান্তি আলোচনাৰ বাবে দৈমাৰীৰ প্ৰয়োজনীয়তা আছে। কাইলৈ যদিও শান্তি চুক্তি স্বাক্ষৰ হ’ব পাৰে তথাপি তেওঁলোকে যাৰ বাবে সংগ্ৰাম কৰি আছে তাৰ বাবে আৰু অধিক সময় লাগিবও পাৰে। গতিকে পৰৱৰ্তী সময়ত জামিনৰ ম্যাদ বঢ়োৱাৰ সম্ভাৱনা আছে।”

তদুপৰি, চৰকাৰ প্রশাসনৰ তৰফৰ পৰা তেওঁক প্ৰয়োজনীয় নিৰাপত্তাৰক্ষী দিয়া হৈছে বুলিও অধিবক্তা গৰাকীয়ে জনায়।

২০০৮ চনৰ অসমত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী আৰু তেওঁৰ ৯ গৰাকী সতীৰ্থক বিগত বৰ্ষৰ ৩০ জানুৱাৰিত গুৱাহাটীৰ চিবিআইৰ বিশেষ আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিছিল।

গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণত ৮৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫৪০ গৰাকী লোক আহত হৈছিল।

এন ডি এফ বি(সং)ৰ সচিব বি চাওৰাইগৌৰা, সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা আৰু জেষ্ঠ সদস্য বি বাথা আৰু জি বিদাইয়ে ইতিমধ্যে চৰকাৰৰ সৈতে শান্তি আলোচনাক অন্তিম ৰূপ দিয়াৰ বাবে দিল্লীত বাহৰ পাতি আছে।

ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী আৰু ধীৰেণ বড়োৰ নেতৃত্বত এন ডি এফ বিৰ তিনিটা ফৈদে চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশ ল’ব।