NORTHEAST NOW (Assamese)

কোকৰাঝাৰত অস্ত্রসহ ম্যানমাৰত প্ৰশিক্ষিত এন ডি এফ বি (এছ)ৰ কেডাৰক আটক

September 25, 2018 7:23 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰ জিলাৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ ঝাৰবাৰীত আজি সেনা আৰক্ষীয়ে এক যুটীয়া অভিযানত চলাই এজন দুৰ্ধৰ্ষ এন ডি এফ বি (এছ)ৰ কেডাৰ আটক কৰিবলৈ সক্ষম হয়।

ধৃত এন ডি এফ বি (এছ) কেডাৰ গৰাকীয়ে নিজকে সংগঠনটোৰ ৪২ নং গোটৰ ম্যানমাৰত প্ৰশিক্ষণ লৈ অহা ফেণ্টম ব্ৰহ্ম উৰফে বি ফিটাই বুলি পৰিচয় দিয়ে। তেওঁ কোকৰাঝাৰ জিলাৰ আঠীয়াবাৰী টেনালি গাঁৱৰ গেব্ৰু ব্ৰহ্মৰ পুত্ৰ।

প্ৰাপ্ত তথ্য মতে অঞ্চলটোত এন চি এফ বি (এছ)ৰ উগ্ৰপন্থীয়ে বিচৰণ কৰাৰ সম্পৰ্কে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আজি পুৱা প্ৰায় ২:৩০ বজাত কোকৰাঝাৰ আৰক্ষী আৰু সেনাই অঞ্চলটোত এক যুটীয়া অভিযান আৰম্ভ কৰি প্ৰায় ৪:৩০ বজাত উক্ত কেডাৰজক আটক কৰে।

তেওঁৰ পৰা অভিযানকাৰী দলে মেগাজিনৰ সৈতে এটা ৭.৬২x২৬ এম এম পিষ্টল, দুই জাঁই সক্ৰিয় গুলী, দুটা চাইনিজ হেণ্ড গ্ৰেণেড এটা মোবাইল হেণ্ডছেট আৰু এটা বেগ উদ্ধাৰ কৰে।

Related News