NORTHEAST NOW (Assamese)

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ডাৱৰীয়া বতৰৰ লগতে বৰষুণৰ সম্ভাৱনা

January 28, 2019 10:16 am · এন ই নাও নিউজ
ফটো : ৱেডাৰ ডটকমৰ সৌজন্যত

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ঠায়ে ঠায়ে পাতলীয়া বৰষুণৰ লগতে ঠাণ্ডা পেলোৱাৰ সম্ভাৱনা আছে। আনহাতে, অহা ২৪ ঘন্টাত বতৰ ডাৱৰীয়া হৈ পৰা সম্ভাৱনাও ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই লগতে তিব্বত অঞ্চলৰ ওপৰত সক্ৰিয় হৈ পৰা এক ঋতুকালীন ঘূৰ্ণী বতাহৰো পৰৱৰ্তী ২৪ ঘন্টাত আৱিৰ্ভাৱৰ সম্ভাৱনা সদৰী কৰিছে।

সূত্ৰটোৰ মতে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পৰৱৰ্তী কেইদিনত পুনৰ এজাক বৰষুণে শাত পেলোৱাৰ উপৰি অৰুণাচল প্ৰদেশ আৰু ছিকিমত বৰষুণৰ লগতে বৰফো পৰিব।

যোৱা ২৪ ঘন্টাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ প্ৰধান চহৰোবৰত তাপমাত্ৰা আছিলঃ-কোহিমা ৭.৪, ইম্ফল ৭.২, গুৱাহাটী ১৬.৪, আগৰতলা ১৫.৯, গেংটক ৭.৮, উত্তৰ লখিমপুৰ ৯.৭, শিলচৰ ১৪.২, তেজপুৰ ১৬.১, চেৰাপুঞ্জী ১১.৫ আৰু শ্বিলং ৯.৬ চেলছিয়াছ।

অঞ্চলটোত ঘটা বতৰৰ কাৰ্যকলাপৰ বাবে দিনৰ আৰু নিশাৰ ভাগৰ তাপমাত্ৰাত পৰিৱৰ্তন দেখা পোৱা যাব।

আনহাতে, অহা ২৪ ঘন্টাত বৰষুণ আৰু ডাৱৰীয়া বতৰৰ বাবে দিনৰ তাপমাত্ৰা ৩ৰ পৰা ৫ ডিগ্ৰী চেলছিয়াছলৈ নিম্নগামী হোৱাৰ বিপৰীতে নিশাৰ তাপমাত্ৰা সামান্য ১ৰ পৰা ২ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related News