মাত্ৰাধিক পৰিৱেশ প্ৰদূষণ, যাৰ ফলত জলবায়ুৰ বিপজ্জনক পৰিৱৰ্তনৰ সাক্ষী হৈছে ইউৰোপৰ চলিত গ্ৰীষ্মকাল। কোনো কোনো ঠাইত তাপমাত্ৰা ৪৫-৫০ ডিগ্ৰী পৰ্যন্ত পাইছে। এইবাৰ উত্তৰ আমেৰিকাৰ দেশ উৰুগুৱেৰ সাগৰৰ উপকূলত ২ হাজাৰ পেংগুইনৰ ৰহস্যজনক মৃত্যুৱে জীৱবিজ্ঞানীসকলক উদ্বিগ্ন কৰি তুলিছে।
স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, বিগত দহ দিনত আটলাণ্টিক মহাসাগৰৰ উপকূলৰ পৰা অসংখ্য নিথৰ পেংগুইনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
উৰুগুৱেৰ পৰিৱেশ মন্ত্ৰালয়ৰ মুৰব্বী কাৰ্মেন লেইজাগোয়েনে কয় যে মৃত পেংগুইনবোৰ মেগেলানিক প্ৰজাতিৰ। সাগৰৰ গভীৰ পানীত থকা অৱস্থাত সিহঁতৰ মৃত্যু হৈছে। সাগৰ ঢৌত মৃতদেহবোৰ ভাহি আহিছে উৰুগুৱেৰ উপকূলত।
লগতে পঢ়ক: মহিলাৰ সৈতে অসৎ আচৰণৰ বাবে উলিয়াই দিয়া ব্যক্তিয়ে ‘প্ৰতিশোধ’ত জ্বলাই দিলে বাৰ! মৃত ১১ জন
কাৰ্মেনে লগতে কয়, ‘’পেংগুইনবোৰ মহাসাগৰৰ গভীৰ পানীত থকা সময়তে মৃত্যুমুখত পৰিছে। সিহঁত অনাহাৰে আছিল, সিহঁতৰ শৰীৰৰ চৰ্বি নাছিল।”
পৰিৱেশ মন্ত্ৰালয়ৰ মুৰব্বীগৰাকীয়ে কয় যে কিছুমান ক্ষেত্ৰত পেংগুইনৰ মৃত্যু হয় এভিয়ান ইনফ্লুৱেঞ্জাত। পৰীক্ষা কৰা মৃত জীৱ-জন্তুবোৰৰ এই ৰোগ নাছিল। সেইবাবেই প্ৰায় ২০০০ পেংগুইনৰ মৃত্যু ৰহস্যঘন হৈ পৰিছে।
দক্ষিণ আৰ্জেণ্টিনাত মেগেলানিক পেংগুইনে বাহ সাজে। দক্ষিণ গোলাৰ্ধৰ তীব্ৰ শীতকাল আৰম্ভ হ’লে সিহঁতে খাদ্য আৰু গৰম পানীৰ সন্ধানত উত্তৰ দিশলৈ ৰাওনা হয়। ব্ৰাজিলৰ এস্পিৰিটো ছান্টো ৰাজ্যৰ উপকূলত গৈ উপনীত হয়।
কাৰ্মেনে কয়, “এই যাত্ৰাৰ সময়ত বাটত কিছুমান চৰাইৰ মৃত্যু হোৱাটো স্বাভাৱিক। কিন্তু ইমানবোৰ মৃত্যু কেনেকৈ হ’ব!” উৰুগুৱেৰ আটলাণ্টিক মহাসাগৰৰ উপকূলৰ পৰা ১০ মাইলৰ ভিতৰত ৫০০ পেংগুইনৰ মৃতদেহ উদ্ধাৰ হৈছে।
লগতে পঢ়ক: হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো; জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক
একাংশ জীৱবিজ্ঞানীৰ দাবী যে অবৈধভাৱে মাছ ধৰা কাৰ্যই পেংগুইনৰ ব্যাপক হাৰত মৃত্যুৰ বাবে দায়ী। সাগৰত খাদ্যৰ অভাৱত খাবলৈ নাপাই পেংগুইনৰ মৃত্যু ঘটিছে।