সাৱধান: জানি থওঁক কেনে বিবাহ বৰ্হিভূত ডেটিং এপে আউল লগাব পাৰে কাৰোৱাৰ সাংসাৰিক জীৱনত

aaaa 500x300_life_9723

মোবাইল ফোনটো এতিয়া মানুহৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে।

ফোনটোৰ বাবেই বহুতৰে সংসাৰত কাজিয়া-পেছালৰো সৃষ্টি হৈ আহিছে।

মোবাইল ফোনটোৱে ভাৰ্চুৱেল পৃথিৱী খনৰ সৈতে মানুহক বাৰুকৈয়ে অভ্যস্ত কৰি তুলিছে। বহুতৰে বাবে নিঃসংগ সময়ৰ সংগী এতিয়া কিতাপ এখন অথবা মনে মিলা বন্ধু এগৰাকী হোৱাৰ সলনি মোবাইল ফোনটোহে হৈ পৰিছে।

নিঃসংগতা দূৰ কৰিবলৈ বহুতে মোবাইল ফোনত দূৰ-দূৰণিৰ অচিন লোকৰ সৈতে ছাটিং কৰে,কোনো দিনে নেদেখা লোক এগৰাকীৰ আগতো খুলি কয় মনৰ কথা।লক ডাউনৰ সময়ৰে পৰা মোবাইল ফোনৰ ব্যৱহাৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে লক্ষ্যণীয় ভাবে বৃদ্ধি পাইছে।

এই সময়ছোৱাত পৰ্ণ ছাইট বোৰৰ উপৰি বিবাহ বৰ্হিভূত ডেটিং এপ সমূহৰ চাহিদাও বৃদ্ধি হোৱা দেখা গৈছে। বিবাহ বৰ্হিভূত ডেটিং এপ সমূহৰ জৰিয়তে কোনো এগৰাকী লোকে আন কোনো লোকৰ সৈতে বন্ধুত্ব পাতিব পাৰে, খুলি ক’ব পাৰে মনৰ কথা।

শালীনতা, গোপনীয়তা আদি কথা বোৰ এনে এপ ব্যৱহাৰকাৰীৰ বাবে হৈ পৰিব পাৰে গৌণ কথা। যিকিনহওঁক, এনে বিবাহ বৰ্হিভূত ডেটিং এপ ব্যৱহাৰ কৰাৰ বাবেই বহুতৰে সংসাৰত আউল নলগাও নহয়।

ভাৰতত লক ডাউনৰ সময়ত জনপ্ৰিয় হৈ পৰা এনে ডেটিং এপ সমূহে বিভিন্ন উপায়েৰে ইউজাৰ বৃদ্ধি কৰাৰ চেষ্টা চলায়। বহুতে কৌতূহলৰ বশৱৰ্তী হৈ এনে এপ ডাউনলোডো কৰে।

শেহতীয়াকৈ জনপ্ৰিয় হৈ পৰা বিবাহ বৰ্হিভূত ডেটিং এপৰ ভিতৰত Gleeden, Tinder, Aisle আদি অন্যতম। বিগত কিছুদিনৰ ভিতৰতে Gleeden ৰ ইউজাৰৰ সংখ্যা ভাৰতত ১৩ লাখ হৈছে গৈ।

ইয়াৰ বাবে এপটোৰ কৰ্তৃপক্ষই ভাৰতৰ ইউজাৰসকলক শেহতীয়াকৈ ধন্যবাদো জনাইছে।এনে এপ ব্যৱহাৰ কৰি বহুতে মাজে সময়ে বিপদত পৰাও দেখা যায়।

অচিন লোকৰ কথা অনুসৰি বহুতে নিজৰ বেংকৰ তথ্য দিয়াৰ ফলত একাউণ্ট খালি হোৱাৰো বহু ঘটনা ঘটিছে।নিশা বহুতে বিছনাত গোপনে এনে এপ ব্যৱহাৰ কৰাৰ ফলত পতী-পত্নীৰ মাজত বিভেদৰ প্ৰাচীৰো সৃষ্টি হৈ আহিছে।

সেয়ে পৰাপক্ষত বিবাহ বৰ্হিভূত ডেটিং এপৰ পৰা আঁতৰত থকাই মংগল বুলি কৈ আহিছে ভূক্তভোগীৰ লগতে সচেতন লোকসকলেও। অৱশ্যে শেষ সিদ্ধান্ত ল’ব কেৱল ব্যৱহাৰকাৰীয়েহে।