NORTHEAST NOW (Assamese)

হতাশাই চানিছে ইংলেণ্ডক! প্ৰায় আধা নিযুততকৈ অধিক লোকে খাবলগীয়া হৈছে হতাশা নিৰাময়ৰ ঔষধ

July 14, 2022 11:11 am · এন ই নাও নিউজ,গুৱাহাটী

হতাশা এতিয়া সমগ্ৰ বিশ্বৰে এক ডাঙৰ সমস্যা হিচাবে দেখা দিছে। তথ্য-প্ৰযুক্তিকে ধৰি আন সকলো ক্ষেত্ৰতে আগুৱান দেশ ইংলেণ্ডত এতিয়া হতাশাৰ চিকাৰ হৈছে লাখ লাখ লোক।

লক্ষ্যণীয় কথাটো হ’ল ইংলেণ্ডত প্ৰায় আধা নিযুততকৈ অধিক প্ৰাপ্তবয়স্ক লোকেই এণ্টিডিপ্ৰেচেণ্ট অৰ্থাৎ হতাশা নিৰাময় কৰা ঔষধ সেৱন কৰি আছে।শেহতীয়া স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদনত এই কথা কোৱা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (এনএইচএছ)ৰ মতে, শিশু আৰু কিশোৰসকলৰ ক্ষেত্ৰত হতাশাৰ দৰবৰ প্ৰেছক্ৰিপশ্বনৰ সংখ্যাও বৃদ্ধি পাইছে।

২০২১-২২ বৰ্ষৰ পৰা হতাশাত ভোগা প্ৰাপ্তবয়স্কৰ সংখ্যা ৫ শতাংশ বৃদ্ধি পাইছে। এই সংখ্যা এই সময়ছোৱাত ৭.৯ নিযুতৰ পৰা ৮.৩ নিযুতলৈ বৃদ্ধি পাইছে। দেশ খনত একেৰাহে ষষ্ঠ বছৰৰ বাবে ৰোগী আৰু প্ৰেছক্ৰিপচন দুয়োটাৰে সংখ্যা বৃদ্ধি হৈছে। ২০২১ ৰ পৰা ২০২২ চনৰ ভিতৰত আনুমানিক ৮৩.৪ নিযুত এণ্টিডিপ্ৰেচেণ্ট ঔষধৰ সামগ্ৰী বিক্ৰী কৰা হৈছিল।

যি আগৰ বছৰৰ তুলনাত ৫ শতাংশ বেছি বুলি তথ্য প্ৰকাশ পাইছে। হতাশা দূৰ কৰা ঔষধ গ্ৰহণ কৰা ১০ ৰ পৰা ১৪ বছৰীয়া শিশুৰ সংখ্যা ১০,৯৯৪ ৰ পৰা ১১,৮৭৮ গৰাকীলৈ বৃদ্ধি পাইছে।

১৫ ৰ পৰা ১৯ বছৰ বয়সৰ লোকৰ সংখ্যা ১৬৬,৯২২ ৰ পৰা ১৮৪,৪৫৫ লৈ বৃদ্ধি পাইছে।সঁচাকৈ এনেবোৰ পৰিসংখ্যা হতাশজনকেই নহয়, ভয়ংকৰ দিনৰো আগজাননী।

Related News