নাৰী নিৰ্যাতন সম্পৰ্কীয় তথ্য প্ৰদানৰ বাবে সময় বিচাৰিলে কংগ্ৰেছে: দিল্লী আৰক্ষীৰ পদক্ষেপক গৰিহণা

Rahul Gandhi

দেশজোৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শ্ৰীনগৰত দেশত এতিয়াও মহিলাসকল নিৰ্যাতিত হৈ আছে বুলি কৰা মন্তব্য সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে কালি দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দল ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত তথ্য প্ৰদানৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰিছে কংগ্ৰেছে।

দিল্লী আৰক্ষীয়ে যোৱা ১৬ মাৰ্চত সামাজিক মাধ্যমত প্ৰকাশ পোৱা পোষ্টৰ প্ৰতি সঁহাৰি জনাই ৰাহুল গান্ধীক যৌন নিৰ্যাতন সন্দৰ্ভত তেওঁক অৱগত কৰা মহিলাসকলৰ বিষয়ে সবিশেষ তথ্য প্ৰদান কৰিবলৈ এক জাননী প্ৰেৰণ কৰিছিল। কিন্তু ৰাহুল গান্ধীয়ে এই জাননীৰ প্ৰতি কোনো সঁহাৰি নজনোৱাত কালি তেওঁৰ বাসগৃহত উপস্থিত হৈছিল দিল্লী আৰক্ষী।

দিল্লী আৰক্ষীৰ এই পদক্ষেপৰ পাছতে কংগ্ৰেছে আইন অনুসৰি জাননীৰ প্ৰতি যথা সময়ত সঁহাৰি দিয়া হ’ব বুলি উল্লেখ কৰে। এক টুইট যোগে কংগ্ৰেছে কয় যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক সাক্ষাৎ কৰি মহিলাসকলে তেওঁলোক সন্মুখীন হোৱা নিৰ্যানত তথা হিংসাত্মক কাৰ্যকলাপৰ বিষয়ে জনাইছিল।

এতিয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ ৪৫ দিন পাছত দিল্লী আৰক্ষীয়ে জাননীৰ জৰিয়তে এনে মহিলাসকলৰ সবিশেষ তথ্য বিচাৰিছে বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ সম্পৰ্কক লৈ কৰা প্ৰশ্নত দিকভ্ৰান্ত হৈ পৰাৰ বাবেই চৰকাৰে আৰক্ষীৰ আঁৰত লুকাবলৈ চেষ্টা কৰিছে বুলি কংগ্ৰেছে টুইটটোত লগতে অভিযোগ কৰিছে।

আন এটা টুইটত কংগ্ৰেছে লগতে কয়, “আমি আইন অনুসৰি জাননীখনৰ প্ৰতি যথা সময়ত সঁহাৰি দিম। এই জাননীখন আতংকিত চৰকাৰ আৰু গণতন্ত্ৰ, মহিলা সবলীকৰণ, মত প্ৰকাশৰ স্বাধীনতা আৰু বিৰোধীৰ ভূমিকা দুৰ্বল কৰাৰ বাবে চৰকাৰৰ শেহতীয়া ষড়যন্ত্ৰৰ আন এক প্ৰমাণ।”

ইফালে কালি ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত থকা বিশেষ আৰক্ষী আয়ুক্ত সাগৰ প্ৰীত হুদাই সাংবাদিকৰ সৈতে বাৰ্তালাপত কয়, “আমি তেওঁৰ সৈতে আলোচনাৰ বাবে আহিছো। যোৱা ৩০ জানুৱাৰীত শ্ৰীনগৰত ৰাহুল গান্ধীয়ে এক বিবৃতিত ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ কেইবাগৰাকীও মহিলাক লগ পাইছিল আৰু তেওঁলোক ধৰ্ষণৰ বলি হোৱাৰ কথা জনাইছিল বুলি উল্লেখ কৰিছিল।”

“আমি তেওঁৰ পৰা এই মহিলাসকলৰ বিষয়ে সবিশেষ তথ্য ল’বলৈ চেষ্টা কৰিছো যাতে ভুক্তভোগী মহিলাসকলক ন্যায় দিব পৰা যায়।”- আৰক্ষী বিষয়াগৰাকীয়ে লগতে এইদৰে উল্লেখ কৰিছিল। গান্ধীক সাক্ষাৎ কৰাৰ পিছত এই তথ্য প্ৰদানৰ বাবে কংগ্ৰেছে অধিক সময়ৰ প্ৰয়োজন বুলি উল্লেখ কৰাৰ কথা সাগৰ প্ৰীত হুদাই লগতে সাংবাদিকৰ আগত ব্যক্ত কৰিছিল।

আনহাতে দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীৰ বাসগৃহ ভ্ৰমণ কৰাৰ পাছতে আৰক্ষীৰ এই পদক্ষেপক গৰিহণা দিছে কংগ্ৰেছে। এক টুইটত কংগ্ৰেছে কয় যে ‘ভাৰত জোড়ো যাত্ৰা’ আৰু ৰাহুল গান্ধীয়ে মহিলাসকলক তেওঁলোকৰ সমস্যা আৰু সন্মুখীন হোৱা লাঞ্ছনাৰ বিষয়ে অৱগত কৰিবলৈ এক নিৰাপদ মঞ্চ দিলে।

কিন্তু এতিয়া দিল্লী আৰক্ষীৰ এই লজ্জাজনক কাৰ্যই কংগ্ৰেছে আদানী গোচৰ সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ বাবে প্ৰধানমন্ত্ৰী মোদী উদ্বিগ্ন হৈ পৰাৰ কথা প্ৰমাণ কৰিছে বুলি কংগ্ৰেছে দাবী কৰে। লগতে এনে ধৰণৰ কাৰ্যই দলৰ সাহস অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছে চৰকাৰৰ পৰা উত্তৰ বিচৰা কাৰ্য অব্যাহত ৰাখিব বুলি সকীয়াই দিছে।