ঐতিহাসিক! টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদকেৰে নীৰজ চোপ্ৰাই গঢ়িলে অভিলেখ

E8LtaqxUcAMXPa9

নীৰজ চোপ্ৰা।

টকিঅ’ অলিম্পিকৰ এথলেটিক্সত প্ৰথমটো সোণৰ পদক অৰ্জনেৰে ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই।

প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতীয় দলৰ  হৈ প্ৰতিনিধিত্ব কৰিছিল নীৰজ চোপ্ৰাই। যোগ্যতা নিৰ্ধাৰণকাৰী ৰাউণ্ডৰ প্ৰদৰ্শনেৰে দেশবাসীৰ প্ৰত্যাশা জগাই তুলিছিল খেলুৱৈগৰাকীয়ে।

ফাইনেল স্থান নিশ্চিত কৰা নীৰজ ব্যক্তিগত শ্রেষ্ঠ প্ৰদৰ্শন হৈছে ৮৮.০৭ মিটাৰ। যোগ্যতা নিৰ্ধাৰণকাৰী ৰাউণ্ডৰ প্ৰথম প্ৰচেষ্টাতেই ৮৬.৬৫মিটাৰ জেভলিন থ্ৰ’ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল নীৰজে।

ফাইনেলৰ প্ৰথম ৰাউণ্ডত ৮৭.০৩ মিটাৰ দূৰত্ব জেভলিন থ্ৰ’ কৰে নীৰজে। সেইদৰে, দ্বিতীয় ৰাউণ্ডত থ্ৰ’ কৰে ৮৭.৫৮ মিটাৰ।

অৱশ্যে, ফাইনেলৰ তৃতীয় ৰাউণ্ডত নীৰজে ৭৬.৭৯ মিটাৰহে থ্ৰ’ কৰে। কিন্তু চতুৰ্থ আৰু পঞ্চম ৰাউণ্ডতো নীৰজৰ ৰেকৰ্ড চুব নোৱাৰিলে কোনো এগৰাকী প্ৰতিদ্বন্দ্বীয়ে। নীৰজে ৮৭.৫৮ মিটাৰেৰে অভিলেখে গঢ়ি সোণৰ পদক অৰ্জন কৰে।

এইদৰে, ভাৰতৰ হৈ ইতিহাস গঢ়ি স্বাধীন ভাৰতৰ প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলেট হিচাপে অলিম্পিক পদক জয় কৰে নীৰজে।