• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নীৰজৰ স্বৰ্ণ পদক আজুৰি নিলে আৰ্ছাদে! ৰূপৰ পদক লাভ কৰিও অলিম্পিকত ইতিহাস ভাৰতীয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2024 8:04 am
পেৰিছত স্বৰ্ণজয়ী পাকিস্তানৰ আৰ্ছাদ নাদিম আৰু ৰূপৰপদক বিজয়ী নীৰজ চোপ্ৰা। ফটোঃ সংগ্ৰহীত।

পেৰিছত স্বৰ্ণজয়ী পাকিস্তানৰ আৰ্ছাদ নাদিম আৰু ৰূপৰপদক বিজয়ী নীৰজ চোপ্ৰা। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদক আজুৰি নিলে আৰ্ছাদ নাদিমে। পেৰিছত পুৰুষৰ জেভেলিন থ্ৰোত সোণৰ পদক লাভ কৰি পাকিস্তানী তাৰকাগৰাকীয়ে অলিম্পিকত অভিলেখ গঢ়িবলৈ সক্ষম হয়। অলিম্পিকৰ ইতিহাসত এইটো পাকিস্তানৰ প্ৰথমটো ব্যক্তিগত স্বৰ্ণ। নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰে।

ৰূপৰ পদক লাভ কৰিও ইতিহাস সৃষ্টি কৰিছে ভাৰতীয় তাৰকাগৰাকীয়ে। এতিয়ালৈকে কোনো ভাৰতীয়ই একেৰাহে দুখন অলিম্পিকত সোণ আৰু ৰূপৰ পদক লাভ কৰিব পৰা নাই। নীৰজে প্ৰথম ভাৰতীয় হিচাপে সেই অভিলেখ গঢ়ি তুলিছে।

২০০৮ চনত বেইজিং অলিম্পিকত সোণৰ পদক জয় কৰাৰ পিছত অভিনৱ বিন্দ্ৰাই ২০১২ চনত লণ্ডনত পদক লাভ কৰা নাছিল। বহু প্ৰত্যাশাৰ চাপ চম্ভালি নীৰজে সোণৰ পিছত ৰূপৰ পদক লাভ কৰে। অৰ্থাৎ তেওঁ দুটা অলিম্পিক খেলি দুটা পদক লাভ কৰে।

আৰু ঠিক সেইবাবেই নীৰজে স্বৰ্ণ জয় নকৰিলেও তেওঁৰ ‘গোল্ডেন বয়’ৰ খিতাপ কাঢ়ি ল’ব নোৱাৰি। কাৰণ সোণৰ পদক জয় কৰাৰ পিছত ১৪০ কোটি মানুহৰ প্ৰত্যাশা চম্ভালি পৰৱৰ্তী অলিম্পিকত ৰূপৰ পদক জয় কৰাটো মুখৰ কথা নহয়। তদুপৰি এয়া ক্ৰিকেট বা ফুটবল নহয় যে বিপক্ষৰ উইকেট লৈ বা মোকাবিলা কৰি প্ৰতিপক্ষক ৰখাই দিব পাৰে। ফলত প্ৰতিদ্বন্দ্বী খেলুৱৈয়ে যদি অতিমানৱীয় থ্ৰ’ কৰে, তেন্তে তেওঁক ৰখাব নোৱাৰি। বৃহস্পতিবাৰেও ঠিক তেনেকুৱাই হ’ল।

ফাইনেলৰ দ্বিতীয় থ্ৰ’ত নাদিমে ৯২.৯৭ মিটাৰ ক্লিয়াৰ কৰে। তেতিয়ালৈকে কোনেও এই অসাধাৰণ কাম কৰিব পৰা নাছিল। ফলত তেওঁৰ ওপৰত বিশেষ চাপ নাছিল। মুকলি মন এটা লৈ আহিছিল। আৰু এক অতি মানৱীয় থ্ৰ’। সেই থ্ৰ’ৰ পিছত নীৰজৰ ওপৰত চাপ পৰি গৈছিল। সেয়া অতি স্বাভাৱিক।

নাদিমৰ ৯২.৯৭ মিটাৰ থ্ৰ’ৰ পাছত নীৰজৰ ৫টা থ্ৰ’ত চাপৰ বাবে চাৰিটা ফাউলো আছিল। তেওঁ ৯২.৯৭ মিটাৰ বাধা অতিক্ৰম কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাইছিল। তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ থ্ৰ’ হৈছে ৮৯.৯৪ মিটাৰ। গতিকে নীৰজে নিজকে অতিক্ৰম কৰি স্বৰ্ণ জয় কৰিব লগা আছিল। এইবাৰ সেইটো কৰিব নোৱাৰিলে। কিন্তু সেই নোৱাৰাৰ মাজত বিফলতা নাই, সেই বিফলতাৰ মাজতে লুকাই আছে সফলতা। নীৰজে এনে কাম কৰিছে যিটো ১৯০০ চনৰ পৰা কোনো ভাৰতীয়ই কৰিব পৰা নাই।

জেভেলিনৰ ফাইনেলত নীৰজৰ ব্যক্তিগত প্ৰদৰ্শন

১) প্ৰথম থ্ৰ’: ফাউল।

২) দ্বিতীয় থ্ৰ’ : ৮৯.৪৫ মি.

৩) তৃতীয় থ্ৰ’: ফাউল।

৪) চতুৰ্থ থ্ৰ’: ফাউল।

৫) পঞ্চম থ্ৰ’: ফাউল।

৬) ষষ্ঠ থ্ৰ’: ফাউল।

জেভেলিনৰ ফাইনেলত আনসকলৰ প্ৰদৰ্শন

১) এণ্ডাৰছন পিটাৰ্ছ : ৮৪.৭ মিটাৰ, ৮৭.৮৭ মিটাৰ, ফাউল, ৮৮.৫৪ মিটাৰ (শ্ৰেষ্ঠ), ৮৭.৩৮ মিটাৰ, ৮১.৮৩ মিটাৰ।

২) জাকুব ভাডলেচ : ৮০.১৫ মিটাৰ, ৮৪.৫২ মিটাৰ, ৮৮.৫ মিটাৰ (শ্ৰেষ্ঠ), ফাউল, ৮৪.৯৮ মিটাৰ, ৮৩.২৭ মিটাৰ।

৩) জুলিয়ান ৱেবাৰ : ফাউল, ৮৭.৩৩ মিটাৰ (শ্ৰেষ্ঠ), ফাউল, ৮৬.৮৫ মিটাৰ, ফাউল, ৮৭.৪ মিটাৰ, ৮৪.০৯ মিটাৰ।

৪) আৰ্ছাদ নাদিমঃ ফাউল, ৯২.৯৭ মিটাৰ (শ্ৰেষ্ঠ, অলিম্পিক অভিলেখ), ৮৮.৭২ মিটাৰ, ৭৯.৪ মিটাৰ, ৮৪.৮৭ মিটাৰ, ৯১.৭৯ মিটাৰ।

২০২০ টকিঅ’ অলিম্পিকৰ পদক বিজয়ী

১) সোণঃ নীৰজ চোপ্ৰা (৮৭.৫৮মিটাৰ)।

২) ৰূপ : জাকুব ভাডলেচ (৮৬.৬৭ মিটাৰ)।

একেৰাহে ২ খন অলিম্পিক (পুৰুষৰ জেভেলিন)ত সোণৰ পদক লাভ কৰাসকল

১) এৰিক লেমিং (ছুইডেন): ১৯০৮ আৰু ১৯১২ চন।

২) জুনাছ মাইৰা (ফিনলেণ্ড): ১৯২০ আৰু ১৯২৪ চন।

৩) জান জেলেজনি (চেক গণৰাজ্য): ১৯৯২, ১৯৯৬ আৰু ২০০০ চন।

৪) আন্দ্ৰেয়াছ থৰকিল্ডচেন (নৰৱে): ২০০৪ আৰু ২০০৮।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd